নেশ্যনেল ডেস্ক, 24 জুলাই : ক’ৰণাৰ পাছত এইবাৰ মাংকিপক্সে দেশজুৰি ত্ৰাসৰ সৃষ্টি কৰিছে (Monkeypox In India) ৷ যাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই মাংকিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে ৷ এনে সময়তে দিল্লীত পোহৰলৈ আহিছে চতুৰ্থটো মাংকিপক্সৰ ঘটনা (Monkeypox in Delhi) ৷
ইয়াৰ পিছতে দেশত মাংকিপক্স আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকাত উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয় (Center hold urgent meeting on Monkey pox) ৷ স্বাস্থ্য বিজ্ঞান সঞ্চালকালয়ৰ (ডিজিএইচএছ) অধ্যক্ষতাত স্বাস্থ্য মন্ত্ৰালয়, ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ (এনচিডিচি) আৰু আই চি এম আৰৰ বিষয়াসকলৰ লগত এই বৈঠক অনুষ্ঠিত হয় ৷
বিদেশ ভ্ৰমণৰ কোনো ইতিহাস নথকা দিল্লীত আক্ৰান্ত হোৱা লোকজনে কিছুদিন পূৰ্বে হিমাচল প্ৰদেশৰ কুল্লু-মানালীলৈ গৈছিল । সম্প্ৰতি লোকজনক চিকিৎসকৰ তত্বাৱধানত দিল্লীৰ এল এন জে পি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে(Monkeypox case in LNJP Hospital Delhi) । ভাৰতত এতিয়ালৈ মুঠ 4টা মাংকিপক্সৰ ঘটনা পোহৰলৈ আহিছে(Fourth patient of monkeypox) । ভাৰতৰ প্ৰথম তিনিটা ঘটনা কেৰালাৰ ।