নেশ্যনেল ডেস্ক,১ ডিচেম্বৰ :আলীগড় মুছলিম বিশ্ববিদ্যালয়ে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ লোকপিয়ল সঞ্চালকালয়ৰ সৈতে 'লোকপিয়ল তথ্য গৱেষণা কৰ্ম কেন্দ্ৰ' স্থাপনৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে । এই কেন্দ্ৰ বিশ্ববিদ্যালয়ৰ মৌলানা আজাদ পুথিভঁৰালত স্থাপন কৰা হ'ব । এএমইউৰ কাৰ্যবাহী উপাচাৰ্য অধ্যাপক মহম্মদ গুলৰেজ, পঞ্জীয়ক মহম্মদ ইমৰান, পৰিসংখ্যা আৰু সঞ্চালন গৱেষণা বিভাগৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক কাজী মাজহাৰ আলী, মৌলানা আজাদ পুথিভঁৰালৰ উপ লাইব্ৰেৰিয়ান ড০ আচিফ ফৰিদ চিদ্দিকী আৰু লোকপিয়ল সঞ্চালকালয়ৰ উপ-সঞ্চালক ড০ এছ এছ শৰ্মা আৰু সঞ্চালকালয়ৰ অন্যান্য বিষয়াসকল উক্ত বুজাবুজি চুক্তি স্বাক্ষৰ কাৰ্যসূচীত উপস্থিত থাকে ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি কাৰ্যবাহী উপাচাৰ্য অধ্যাপক মহম্মদ গুলৰেজে কয় যে এয়া সত্য যে লোকপিয়লৰ তথ্যই বহুমুখী উন্নয়নমূলক নীতি প্ৰস্তুত, নিৰীক্ষণ আৰু মূল্যাঙ্কনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সেয়েহে, সাধাৰণ ৰাইজৰ বাবে তথ্য উপলব্ধ কৰাটো অতি গুৰুত্বপূৰ্ণ । লোকপিয়ল সঞ্চালকালয়ৰ ড০ এছ এছ শৰ্মাই জানিবলৈ দিয়া মতে শিক্ষাবিদ, গৱেষক, শিক্ষাৰ্থীসকলক নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰা আৰু এই তথ্যৰ ওপৰত নিৰ্ভৰ কৰি গৱেষণাক উৎসাহিত কৰাৰ লক্ষ্যৰে দেশৰ সকলো প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত ভাৰত চৰকাৰৰ লোকপিয়ল তথ্য গৱেষণা কৰ্মকেন্দ্ৰ স্থাপন কৰা হৈছে ।