অসম

assam

ETV Bharat / bharat

তিপ্ৰা মথাৰ প্ৰস্তাৱিত বিজয় সমদল স্থগিত

তিপ্ৰা মথাৰ অধ্যক্ষ তথা ত্ৰিপুৰা জনজাতীয় অঞ্চল জিলা পৰিষদৰ মনোনীত মুখ্য কাৰ্যবাহী সদস্য প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে তেওঁৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে সকলোকে শান্তি বৰ্তাই ৰখাৰ বাবে আহ্বান জনায় আৰু অধ্যক্ষৰ পৰা অহা যিকোনো নিৰ্দেশ ভংগ কৰা লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে দলৰ পৰা নিলম্বন কৰাৰ কথা ব্যক্ত কৰে ।

CEM designate Pradyot warns of strict action against violence at Tripura
ত্ৰিপুৰাত প্ৰস্তাৱিত বিজয় সমদল স্থগিত

By

Published : Apr 12, 2021, 11:15 AM IST

নিউজ ডেস্ক, 12 এপ্ৰিল : ত্ৰিপুৰাত শান্তি শৃংখলা বজাই ৰখাৰ স্বাৰ্থত আৰু তিপ্ৰা মথা দলৰ নামত দুৰ্বৃত্তই আৰম্ভ কৰা নিৰ্বাচনোত্তৰ হিংসাৰ বাবে ত্ৰিপুৰা জনজাতীয় অঞ্চল জিলা পৰিষদত সোমবাৰে অনুষ্ঠিত হ'বলগীয়া প্ৰস্তাৱিত বিজয় সমদল স্থগিত ৰাখিছে । তিপ্ৰা মথাৰ অধ্যক্ষ তথা ত্ৰিপুৰা জনজাতীয় অঞ্চল জিলা পৰিষদৰ মনোনীত মুখ্য কাৰ্যবাহী সদস্য প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে তেওঁৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে সকলোকে শান্তি বৰ্তাই ৰখাৰ বাবে আহ্বান জনায় আৰু অধ্যক্ষৰ পৰা অহা যিকোনো নিৰ্দেশ ভংগ কৰা লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে দলৰ পৰা নিলম্বন কৰাৰ কথা ব্যক্ত কৰে ।

তিপ্ৰা মথাৰ অধ্যক্ষগৰাকীয়ে হিংসাৰ ৰাজনীতি নিবিচাৰো বুলি উল্লেখ কৰি বহু ঠাইত তিপ্ৰা মথা নাম ব্যৱহাৰ কৰি হিংসাত লিপ্ত হোৱাৰ কথা ব্যক্ত কৰে ৷ তেওঁ সকলোকে যিকোনো ধৰণৰ হিংসাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগত তিপ্ৰা মথা তথা বিজেপি বা আন কোনো সম্প্ৰদায় যেনে বাঙালী, হিন্দুস্তানী আৰু মুছলমানৰ দৰে আন কোনো ৰাজনৈতিক দলৰ লোকক আক্ৰমণ কৰাৰ তথ্য লাভ কৰিলে তেওঁক দলৰ পৰা নিলম্বন কৰাৰ লগতে বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়ে ৷ দেৱবৰ্মনে ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰস্তাৱিত বিজয় ৰেলী বাতিল কৰি কয় যে, বিজয় ৰেলীৰ কোনো প্ৰয়োজন নাই । এই সংস্কৃতিৰ সমাপ্তি হ'ব লাগিব । বিৰোধীসকলক পৰাজয়ৰ বাবে অপমানিত কৰিবলৈ এখন সমদল আয়োজন কৰাৰ কোনো অৰ্থ নাই ।

ত্ৰিপুৰাত প্ৰস্তাৱিত বিজয় সমদল স্থগিত

তিপ্ৰা মথাৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে, তেওঁৰ দলে সদায় পৰিষ্কাৰ ৰাজনীতি বিচাৰে । কিছুমান লোকে বিজয় সমদল আয়োজন কৰাৰ বাবে দলৰ নামত অনুদান সংগ্ৰহ কৰি আছে । ইয়াক গ্ৰহণ কৰিব নোৱাৰি । বিৰোধীসকলক অপমান কৰাৰ বাবে ধন খৰচ কৰাৰ কোনো প্ৰয়োজন নাই কিন্তু আমি ইয়াক ৰাখিব লাগে আৰু দৰিদ্ৰলোকক সহায় কৰা উচিত ৷ এনে বহুতো লোক আছে যিয়ে তেওঁলোকৰ ঘৰ মেৰামতি কৰাটো বিচাৰে, যিসকলে আধা খাই টোপনি যায়, যাক প্ৰকৃততে চিকিৎসাৰ প্ৰয়োজন । আমি তেওঁলোকৰ কাষত থিয় হ'ব লাগিব । তদুপৰি ৰাজ্যত কৰ’ণাৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে, আমি ইয়াৰ বাবে সাজু থাকিব লাগে ।

লগতে পঢ়ক : ত্ৰিপুৰাত ক’ৰণাত আক্ৰান্ত হৈ এজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details