অসম

assam

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 11:20 AM IST

ETV Bharat / bharat

উত্তৰকাশী সুৰংগৰ পৰা মুকলি আকাশৰ তললৈ অহা শ্ৰমিকৰ লগত ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

উত্তৰকাশী সুৰংগৰ পৰা উদ্ধাৰ কৰা শ্ৰমিকৰ লগত ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ ৷ শ্ৰমিকসকলৰ সাহস আৰু ধৈৰ্যৰ প্ৰশংসা কৰাৰ লগতে তেওঁলোকৰ মংগল আৰু সুস্বাস্থ্য কামনা কৰে প্ৰধানমন্ত্ৰীয়ে । লগতে উদ্ধাৰ অভিযানত জড়িত লোকৰ আৰু শ্ৰমিকসকলৰ পৰিয়ালৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে ৷

PM Modi calls workers rescued from Uttarkashi Tunnel
উত্তৰকাশী সুৰংগৰ পৰা মুকলি আকাশৰ তললৈ অহা শ্ৰমিকৰ লগত ফোনযোগে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক, ২৯ নৱেম্বৰ: উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰাৰ পিচত সমগ্ৰ দেশে স্বস্তিৰ নিশ্বাস লোৱাৰ লগতে সাহায্য আৰু উদ্ধাৰকাৰী দলৰ প্ৰচেষ্টাৰ শলাগ লয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰংগৰ পৰা নিৰাপদে ওলাই অহা শ্ৰমিকসকলৰ সৈতে ফোনযোগে কথা পাতি তেওঁলোকৰ মংগলৰ বিষয়ে সোধা-পোছা কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম দিনাৰ পৰাই উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ পৰা শ্ৰমিকসকলৰ বাবে চলি থকা উদ্ধাৰ অভিযান সন্দৰ্ভত সমূহ তথ্য লৈ আহিছিল ।

সুৰংগত আৱদ্ধ শ্ৰমিকসকলক মঙলবাৰে নিশা নিৰাপদে উদ্ধাৰ কৰাৰ পাচত সুৰংগ চৌহদতে স্থাপন কৰা মিনি হাস্পতালত প্ৰথমে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । ইয়াৰ পাচত ৪১ খন এম্বুলেঞ্চত ৪১ জন শ্ৰমিকক চিকিৎসালয়লৈ লৈ যোৱা হয় । সুৰংগ চৌহদত স্বাস্থ্য পৰীক্ষাৰ অন্তত শ্ৰমিকসকলক চিকিৎসালয়লৈ নিয়াৰ পাচতেই প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰমিকসকলৰ সৈতে কথা পাতিবলৈ ফোন কৰে । প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সাহস আৰু ধৈৰ্যৰ প্ৰশংসা কৰে ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে Xত এটা পোষ্ট কৰি এই উদ্ধাৰ অভিযানৰ শলাগ লয় ৷ তেওঁ কয়, ‘উত্তৰকাশীত আমাৰ শ্ৰমিক ভাইসকলৰ উদ্ধাৰ অভিযানৰ সফলতাই সকলোকে আৱেগিক কৰি তুলিছে । এই মিছনৰ সৈতে জড়িত সকলো লোকে মানৱতা আৰু দলীয় কামৰ এক আশ্চৰ্যকৰ নিদৰ্শন দাঙি ধৰিছে ।’ ইফালে উদ্ধাৰ হোৱা ৪১ জন কৰ্মীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁলোকৰ সাহস আৰু ধৈৰ্যই সকলোকে অনুপ্ৰাণিত কৰিছে । মোদীয়ে তেওঁৰ সুস্বাস্থ্য আৰু মংগলৰ কামনা কৰে ।

প্ৰধানমন্ত্ৰীয়ে আৰু কয়, আমাৰ এই বন্ধুসকলে বহু অপেক্ষাৰ অন্তত আপোনজনক লগ পোৱাটো অতি সন্তুষ্টিৰ বিষয় । এই প্ৰত্যাহ্বানমূলক সময়ত তেওঁলোকৰ পৰিয়ালে যি ধৈৰ্য আৰু সাহস দেখুৱাইছে, তাৰ শলাগ ল’ব নোৱাৰি ।

লগতে পঢ়ক:উত্তৰকাশী অপাৰেচন 'জিন্দাগী' সফল, আৱদ্ধ শ্ৰমিকক ১ লাখ টকাকৈ সাহায্য প্ৰদানৰ ঘোষণা মুখ্যমন্ত্ৰী ধামীৰ

ABOUT THE AUTHOR

...view details