অসম

assam

ETV Bharat / bharat

বিশ্ব বায়ুমণ্ডল দিৱস উদযাপন - বায়ুমণ্ডল দিৱস

আজি বিশ্ব বায়ুমণ্ডল দিৱস । পৰিৱেশ আৰু বায়ুমণ্ডলৰ সুৰক্ষাৰ বাবে কাম কৰাৰ উদ্দেশ্যেৰে বিশ্বজুৰি পালন কৰা হৈছে বায়ুমণ্ডল দিৱস ।

আজি বিশ্ব বায়ুমণ্ডল দিৱস
আজি বিশ্ব বায়ুমণ্ডল দিৱস

By

Published : Apr 10, 2021, 12:55 PM IST

নেশ্যনেল ডেস্ক,১০ এপ্ৰিল: বিশ্বজুৰি বায়ুমণ্ডল দিৱস পালন । প্ৰতি বছৰে ১০ এপ্ৰিলৰ দিনটো বিশ্ব বায়ুমণ্ডল দিৱস হিচাপে পালন কৰা হয় । বায়ুমণ্ডলে পৃথিৱীৰ চাৰিওফালে এক সুৰক্ষামূলক আৱৰণ হিচাপে কাম কৰে । ফলত অত্যধিক তাপ, ক্ষতিকাৰক বিকিৰণ আৰু নিচেই কাষেৰে পাৰ হৈ যোৱা মহাকাশৰ ক্ষতিকাৰক ধ্বংসাৱশেষৰ পৰা পৃথিৱীৰ পৃষ্ঠভাগ সুৰক্ষিত হৈ থাকে । বায়ুমণ্ডল হৈছে গেছৰ এক সুৰক্ষামূলক স্তৰ, যি পৃথিৱীৰ সকলো জীৱক আশ্ৰয় দিয়ে ।

আজি বিশ্ব বায়ুমণ্ডল দিৱস

তদুপৰি বায়ুমণ্ডলে উষ্ণতা তুলনামূলকভাৱে কম কৰি ৰাখে আৰু সূৰ্যৰ ক্ষতিকাৰক ৰশ্মি পৃথিৱীত পৰাত বাধা প্ৰদান কৰে । বায়ুমণ্ডল প্ৰায় ৭৮ শতাংশ নাইট্ৰ’জেন, ২১ শতাংশ অক্সিজেন, ০.৯ শতাংশ আৰ্গন আৰু ০.১ শতাংশ অন্যান্য গেছৰে গঠিত । কাৰ্বন-ডাই-অক্সাইড, মিথেন, জলীয় বাষ্প আৰু নিয়নৰ লগতে ০.১ শতাংশ আন গেছো আছে বায়ুমণ্ডলত । বায়ুমণ্ডল পৃথিৱীপৃষ্ঠৰ পৰা ১০ হাজাৰ কিল’মিটাৰ(৬,২১৪ মাইল) পৰ্যন্ত বিস্তৃত হৈ আছে ।

আজি বিশ্ব বায়ুমণ্ডল দিৱস

ভূপৃষ্ঠৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ বায়ুমণ্ডলৰ গঠন আৰু বৈশিষ্ট্য বেলেগ বেলেগ হয় । সেয়ে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলত থকা গেছ আৰু অন্য উপাদানবোৰৰ পৰিমাণ সলনি হয় আৰু বায়ুৰ ঘনত্ব, চাপ আৰু উত্তাপৰ পৰিৱৰ্তন ঘটে । আনহাতে, বায়ুমণ্ডলত পৃথিৱীৰ তাপ ধৰি ৰাখি, সেউজগৃহ গেছবোৰে উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনত প্ৰভাৱ পেলায় ।

আজি বিশ্ব বায়ুমণ্ডল দিৱস

সাগৰৰ স্তৰ বৃদ্ধি, বতৰ আৰু তাপ-সম্পৰ্কীয় ঘটনা আৰু বিভিন্ন ৰোগৰ সংক্ৰমণ বৃদ্ধিতো সেউজগৃহ গেছবোৰে যথেষ্ট প্ৰভাৱ পেলায় । বায়ুমণ্ডলক পাঁচটা স্তৰত ভাগ কৰিব পাৰি আৰু সেইকেইটা হৈছে- ট্ৰপ'স্ফিয়েৰ, ষ্টেট'স্ফিয়েৰ, মেছ'স্ফিয়েৰ, থাৰ্ম'স্ফিয়েৰ আৰু এক্স'স্ফিয়েৰ । এই স্তৰবোৰে পৃথিৱীক সুৰক্ষিত কৰি ৰখাত সহায় কৰে । উল্লেখ্য যে, অজ’ন স্তৰ হৈছে বায়ুমণ্ডলৰ এটা অংশ, যি পৃথিৱীলৈ অতি বেঙুণীয়া ৰশ্মি বিকিৰণ হোৱাত বাধা প্ৰদান কৰে ।

আজি বিশ্ব বায়ুমণ্ডল দিৱস

বায়ুমণ্ডলে উল্কাপিণ্ডই কৰিব পৰা ক্ষতিৰ পৰাও পৃথিৱীক সুৰক্ষা দিয়ে । বেছিভাগ উল্কা আকাৰত সৰু আৰু যেতিয়া ই বায়ুমণ্ডলৰ মাজেৰে পাৰ হয় তেতিয়া জ্বলি উঠে । বায়ুমণ্ডলে পৃথিৱীৰ উষ্ণতাও হ্ৰাস কৰে । বায়ুমণ্ডলৰ গেছ আৰু চাপৰ ফলতহে জীৱবোৰে উশাহ ল'ব পাৰে । বায়ুমণ্ডল অবিহনে, পৃথিৱীত কোনো জীৱৰ অস্তিত্ব কল্পনা কৰিব নোৱাৰি ।

লগতে পঢ়ক: মহাৰাষ্ট্ৰত তিনি সপ্তাহৰ লক ডাউন ঘোষণাৰ পৰামৰ্শ

ABOUT THE AUTHOR

...view details