অসম

assam

ETV Bharat / bharat

গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানৰ বাবে আমন্ত্ৰিত হৈছে দিব্যাংগী ত্ৰিপাঠী - চিবিএছইৰ দশম শেণীৰ পৰীক্ষা

চিবিএছইৰ দশম শেণীৰ পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা গোৰখপুৰৰ দিব্যাংগী ত্ৰিপাঠীয়ে গণতন্ত্ৰ দিৱসৰ অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে উপভোগ কৰাৰ সুযোগ লাভ কৰিছে । দিব্যাংগীৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ মেধাৱী শিক্ষাৰ্থীকো দিল্লীত অনুষ্ঠিত হ'বলগীয়া গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ।

গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানৰ বাবে আমন্ত্ৰিত হৈছে দিব্যাংগী ত্ৰিপাঠী
গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানৰ বাবে আমন্ত্ৰিত হৈছে দিব্যাংগী ত্ৰিপাঠী

By

Published : Jan 19, 2021, 12:19 PM IST

নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী: বিগত বৰ্ষত চিবিএছইৰ দশম শেণীৰ পৰীক্ষাত ৯৯.৬ শতাংশ নম্বৰ লাভ কৰি শীৰ্ষস্থান লাভ কৰা গোৰখপুৰৰ দিব্যাংগী ত্ৰিপাঠী দিল্লীত অনুষ্ঠিত হ'বলগীয়া গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানৰ বাবে আমন্ত্ৰিত হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৈতে একেলগে অনুষ্ঠান উপভোগ কৰাৰ সুযোগ লাভ কৰিছে দিব্যাংগী আৰু দেশৰ ভিন্ন প্ৰান্তৰ মেধাৱী শিক্ষাৰ্থীয়ে ।

দিব্যাংগীয়ে কয় যে, প্ৰধানমন্ত্ৰীৰ সৈতে একেলগে এনে মুহূৰ্তৰ সাক্ষী হ'বলৈ পাই অনুভৱ কৰিছে যে তেওঁৰ যেন এক সপোন বাস্তৱায়িত হ'ব । লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁৰ প্ৰিয় নেতা বুলিও জনায় ছাত্ৰীগৰাকীয়ে । দিব্যাংগীয়ে তেওঁৰ জীৱনৰ দিব্যাংগীৰ পিতৃ তথা দীন দয়াল উপাধ্যায় গোৰখপুৰ বিশ্ববিদ্যালয় ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক উমেশ নাথ ত্ৰিপাঠীয়ে কয় যে, দিব্যাংগীয়ে গণতন্ত্ৰ দিৱসৰ অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰাতো তেওঁলোকৰ বাবে গৌৰৱৰ বিষয় আৰু ইয়াক লৈ তেওঁলোক যথেষ্ট সুখী ।

মেধাৱী ছাত্ৰীগৰাকীৰ মাতৃ ঊষা ত্ৰিপাঠীয়ে প্ৰকাশ কৰে যে, যোৱা ১৩ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দিব্যাংগীয়ে নিমন্ত্ৰণ লাভ কৰিছিল । দিব্যাংগীয়ে এগৰাকী চিকিৎসক হিচাপে দেশবাসীৰ সেৱা কৰিব বিচাৰে বুলি জানিবলৈ দিছে । বৰ্তমান তেওঁ NEETৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে ।

লগতে পঢ়ক:লক্ষদ্বীপত পোৱা গৈছে প্ৰথমটো ক'ভিড আক্ৰান্ত ৰোগী

ABOUT THE AUTHOR

...view details