নেশ্যনেল ডেস্ক,16 জুন : বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ত দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ মূল্যায়ণ প্ৰণালী (Assessment Formula) দাখিল কৰাৰ সম্ভাৱনা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSEৰ । CBSEৰ জ্যেষ্ঠ বিষয়াসকলে আশা প্ৰকাশ কৰিছে যে, বিশেষজ্ঞৰ 12 জনীয়া সমিতিৰ প্ৰতিবেদনৰ আধাৰত প্ৰস্তুত কৰা মূল্যাংকন চৰ্ত চলিত সপ্তাহত মুকলি কৰাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে, দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ফলাফল আৰু নম্বৰ দিয়াৰ সূত্ৰ প্ৰস্তুত কৰিবলৈ গঠন কৰা হৈছিল এই সমিতিখন । সমিতিখনত শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব তথা জ্যেষ্ঠ আইএএছ (IAS) বিষয়া বিপিন কুমাৰ (Vipin Kumar)কে ধৰি 12 গৰাকী ব্যক্তি জড়িত হৈ আছে ৷ এই সন্দৰ্ভত 4 জুনত এখন জাননী জাৰি কৰিছিল CBSEয়ে ৷
জাননী জাৰি কৰাৰ সময়ত CBSEৰ পৰীক্ষা নিয়ন্ত্ৰক সান্যাম ভৰদ্বাজ (Sanyam Bhardwaj)য়ে কৈছিল যে, এই সমিতিত 12 গৰাকী সদস্য আছে । এই সমিতিয়ে শিক্ষাৰ্থীসকলক প্ৰচাৰ আৰু তেওঁলোকৰ মাৰ্কশ্বীট (Mark Sheet) প্ৰস্তুত কৰাৰ দায়িত্ব বহন কৰিব ।