নেশ্যনেল ডেস্ক,17 জুন : আগন্তুক 20 জুলাইৰ ভিতৰত চিবিএছই(CBSE)ৰ দশম শ্ৰেণীৰ পৰীক্ষা ফলাফল আৰু 31 জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ৷ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (CBSE) ৷ ইতিমধ্যে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে গ্ৰেড/নম্বৰ প্ৰদানৰ ক্ষেত্ৰত মূল্যাংকন চৰ্ত উচ্চতম ন্যায়ালয় (Supreme Court)ত দাখিল কৰিছে ব’ৰ্ডে ৷
দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে পৰীক্ষাত 5 খন কাকতৰ পৰা সৰ্বোচ্চ তিনিখন কাকতৰ নম্বৰ বিবেচনা কৰা হ’ব । সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত ব’ৰ্ডৰ পৰীক্ষা নিয়ন্ত্ৰক সান্যাম ভৰদ্বাজে (Sanyam Bhardwaj) কয় যে, ব’ৰ্ডৰ প্ৰচেষ্টা অনুসৰি দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল আগন্তুক 20 জুলাইৰ ভিতৰত ঘোষণা কৰা হ’ব আৰু ৩১ জুলাইৰ ভিতৰত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ৷ যাতে বিদেশত অধ্যয়নৰ বাবে যাবলৈ বিচৰা শিক্ষাৰ্থীসকলৰ কোনো অসুবিধা নহয় ৷