অসম

assam

ETV Bharat / bharat

নৱেম্বৰৰ মাজভাগত CBSEয়ে অনুষ্ঠিত কৰিব Term 1 পৰীক্ষা - Central Board of Secondary Education

নৱেম্বৰৰ মাজভাগত দশম আৰু দ্বাদশ শ্ৰেণীৰ দুটা Termৰ পৰীক্ষাৰ Term 1 পৰীক্ষা অনুষ্ঠিত কৰিব CBSEয়ে ৷ অক্টোবৰৰ প্ৰায় মাজভাগত পৰিষদে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰাৰ সম্ভাৱনা ৷

cbse to conduct term 1 exams for class x and xii in mid november
নৱেম্বৰৰ মাজভাগত CBSEয়ে অনুষ্ঠিত কৰিব Term 1 পৰীক্ষা

By

Published : Sep 19, 2021, 8:34 PM IST

নেশ্যনেল ডেস্ক , 19 ছেপ্টেম্বৰ :নৱেম্বৰৰ মাজভাগৰ পৰা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে(Central Board of Secondary Education) দশম আৰু দ্বাদশ শ্ৰেণীৰ দুটা Termৰ পৰীক্ষাৰ Term 1 পৰীক্ষা অনুষ্ঠিত কৰিব ৷ অক্টোবৰৰ প্ৰায় মাজভাগত পৰিষদে পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিব বুলি আশা কৰা হৈছে ৷

90 মিনিট জুৰি চলিবলগীয়া এই পৰীক্ষা অফলাইনত অনুষ্ঠিত হ'ব আৰু শিক্ষাৰ্থীসকল নিৰ্দিষ্ট পৰীক্ষাগৃহত শাৰিৰীকভাৱে উপস্থিত থাকিব লাগিব ৷ এই পৰীক্ষাত পৰীক্ষাৰ্থীসকলে অপ্টিকেল মাৰ্ক চিনাক্তকৰণ (Optical Mark Recognition) শ্বীটত একাধিক বিকল্প প্ৰশ্ন (multiple choice questions) পদ্ধতিত পৰীক্ষা দিব লাগিব।

উল্লেখ্য যে, ক'ভিডসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি CBSEয়ে দেশৰ ভিন্ন প্ৰান্তত তথা বিদেশত অৱস্থিত বিদ্যালয়সমূহত চাৰিৰ পৰা আঠ মাহৰ ভিতৰত সৈতে এক নমনীয় অনুসূচীত Term 1 পৰীক্ষা অনুষ্ঠিত কৰিব ৷

দ্বিতীয় Termৰ পৰীক্ষা মাৰ্চ-এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু ইয়াত বিষয়নিষ্ঠ প্ৰকাৰৰ প্ৰশ্ন আৰু ব্যৱহাৰিক উপাদান অন্তৰ্ভুক্ত থাকিব ৷ দুয়োটা ক্ষেত্ৰতে তেওঁৰ সম্মিলিত প্ৰদৰ্শনৰ ওপৰত আধাৰ কৰি এজন শিক্ষাৰ্থীৰ চূড়ান্ত নম্বৰ নিৰ্ধাৰণ কৰা হ'ব বুলি CBSEয়ে জানিবলৈ দিছে ৷

লগতে পঢ়ক :ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব CTET-২০২১

ABOUT THE AUTHOR

...view details