অসম

assam

ETV Bharat / bharat

CBSE ৰ মূল্যাংকনৰ বাবে টেবুলেচন প’ৰ্টেল মুকলি

৩১ জুলাইত ২০২১ বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে(CBSE) । নম্বৰ, গ্ৰেড আদি মূল্যাংকনৰ বাবে এটা প’ৰ্টেল মুকলি কৰিছে পৰিষদে । পৰিষদে মূল্যাংকন প্ৰক্ৰিয়া তৰান্বিত কৰাৰ বাবে বিদ্যালয়সমূহক প্ৰয়োজনীয় কাৰিকৰী সমৰ্থন আগবঢ়াইছে ।

CBSE provides tabulation portal for evaluation
মূল্যাংকনৰ বাবে টেবুলেচন পৰ্টেল মুকলি কৰিছে CBSEই

By

Published : Jun 26, 2021, 5:16 PM IST

নেশ্যনেল ডেস্ক, ২৬ জুন: মূল্যাংকন প্ৰক্ৰিয়া তৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে এটা টেবুলেচন প’ৰ্টেল মুকলি কৰিছে । ক'ভিড সৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে শেহতীয়াকৈ ২০২১ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে পৰীক্ষাৰ ফলাফল প্ৰস্তুত কৰাৰ বাবে মূল্যাংকন নীতি নিৰ্ধাৰণ কৰিছিল । দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল প্ৰস্তুত কৰাত মূল্যাংকন প্ৰক্ৰিয়া তৰান্বিত কৰাৰ বাবে এতিয়া বিদ্যালয়সমূহক কাৰিকৰী সমৰ্থন আগবঢ়াইছে পৰিষদে ।

এই সন্দৰ্ভত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে এটা টেবুলেচন প’ৰ্টেল মুকলি কৰিছে । একাদশ শ্ৰেণীৰ পৰীক্ষা আৰু দ্বাদশ শ্ৰেণীৰ প্ৰাক ব'ৰ্ড পৰীক্ষাৰ ওপৰত ভিত্তি কৰি দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল নিৰ্ণয় কৰা হ'ব । দ্বাদশ শ্ৰেণীৰ বাবে তত্ব বিষয়ক নম্বৰৰ গণনা এক বা একাধিক গোট পৰীক্ষা(UNIT TEST), মিড টাৰ্ম আৰু প্ৰাক ব'ৰ্ড পৰীক্ষাৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হ'ব ।

আনহাতে, দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ তথ্য প্ৰমাণিকীকৰণত অন্তৰ্ভুক্ত থাকে ৰোল নম্বৰ ৷

বিষয়সমূহত লাভ কৰা নম্বৰ আৰু উত্তীৰ্ণ হোৱাৰ বছৰ এই সকলোবোৰ প’ৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ উপৰিও একাদশ শ্ৰেণীৰ তত্ব বিষয়ক নম্বৰৰ তথ্য আপলোড কৰা হৈছে । তাৰ পিছতহে দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ তথ্য উপলব্ধ কৰা হ'ব । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে জনাইছে যে সময় ৰাহি কৰিবলৈ, বিদ্যালয়বোৰক একাদশ শ্ৰেণীৰ ফলাফল মূল্যায়ন কৰিবলৈ টেবুলেচন প’ৰ্টেলত প্ৰৱেশাধিকাৰ প্ৰদান কৰা হৈছে ।

একাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল সম্পূৰ্ণ হোৱাৰ পিছত বিদ্যালয়খনে দ্বাদশ শ্ৰেণীৰ আভ্যন্তৰীণ মূল্যায়ন পৰীক্ষাৰ ফলাফল অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ তথ্য প্ৰযুক্তি সঞ্চালক ড৹ অন্তৰীক্ষ জোহৰীয়ে কয় যে, কেৱল চিবিএছইৰ পৰা দশম শ্ৰেণীৰ ব'ৰ্ড উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত ব'ৰ্ডৰ ওচৰত উপলব্ধ ফলাফলৰ তথ্যৰ ওপৰত ভিত্তি কৰি এক প্ৰণালী প্ৰস্তুত কৰা হৈছে । দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ৩১ জুলাইত ঘোষণা কৰা হ'ব বুলি পৰিষদে জানিবলৈ দিছে ।

লগতে পঢ়ক: সীমান্তৰ আন্তঃগাঁথনিকলৈ হিমাচলৰ ৰাজ্যপাল আৰু সেনাপ্ৰধানৰ আলোচনা

ABOUT THE AUTHOR

...view details