নেশ্যনেল ডেস্ক, 19 অক্টোবৰ :Central Teacher Eligibility Test চমুকৈ C-TET ৰ বাবে অনলাইন প্ৰ-পত্ৰ জমা দিয়াৰ শেষ সময় বৃদ্ধি ৷ Central Board of Secondary Education য়ে প্ৰ-পত্ৰ জমা দিয়াৰ শেষ দিন 19 অক্টোবৰৰ পৰা বৃদ্ধি কৰি 25 অক্টোবৰ কৰিছে ৷ আনুষ্ঠানিক জাননী অনুসৰি প্ৰাৰ্থীসকলে তেওঁলোকৰ মাচুলসমূহ 26 অক্টোবৰৰ বিয়লি 3.30 বজালৈ জমা কৰিব পাৰিব ৷
CBSE য়ে C-TET ৰ 15 সংস্কৰণৰ পৰীক্ষাসমূহ 16 ডিচেম্বৰৰ পৰা 2022 চনৰ 13 জানুৱাৰীৰ ভিতৰত অনুষ্ঠিত কৰিব ৷ পৰীক্ষাসমূহ CBT (Computer Based Test) পদ্ধতিৰে অনুষ্ঠিত কৰা হ’ব ৷ উল্লেখ্য যে, পৰীক্ষাৰ বাবে অনলাইন প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া 20 ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছিল ৷ জাননীখনত প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ্থে এইবেলি চহৰৰ তালিকাত Leh কো অন্তৰ্ভূক্ত কৰা হৈছে ৷