নেশ্যনেল ডেস্ক, ৩ আগষ্ট: ক'ভিড-১৯ ৰ সংক্ৰমণ অব্যাহত থকা বাবে চলিত বৰ্ষত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ(Central Board of Secondary Education)ৰ দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হয় । বিকল্প মূল্যায়ন পদ্ধতিৰ ভিত্তিত মঙলবাৰে দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হয় । মঙলবাৰে দুপৰীয়া ১২ বজাত ফলাফল ঘোষণা কৰে পৰিষদে ।
দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ ৯৯.০৪ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ বেছি দেখা গৈছে । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে প্ৰকাশ কৰা মতে, ৫৭,৮২৪ গৰাকী শিক্ষাৰ্থীয়ে ৯৫ শতাংশৰো অধিক নম্বৰ লাভ কৰিছে । ২,০০,৯৬২ জন শিক্ষাৰ্থীয়ে ৯০-৯৫ শতাংশৰ ভিতৰত নম্বৰ লাভ কৰিছে । ত্ৰিবান্দ্ৰমত উত্তীৰ্ণৰ হাৰ সৰ্বাধিক হৈছে । ত্ৰিবান্দ্ৰমত উত্তীৰ্ণ হৈছে ৯৯.৯৯ শতাংশ শিক্ষাৰ্থী । বেংগালুৰুত উত্তীৰ্ণৰ হাৰ ৯৯.৯৬ শতাংশ আৰু চেন্নাই ৯৯.৯৪ শতাংশ ।
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক সান্যাম ভৰদ্বাজে কয় যে, ১৬,৬৩৯ জন শিক্ষাৰ্থীৰ ফলাফল এতিয়াও ঘোষণা কৰা হোৱা নাই আৰু প্ৰক্ৰিয়া অব্যাহত আছে । পূৰ্বৰ দৰে পৰীক্ষা অনুষ্ঠিত হোৱা নাই বাবে চলিত বৰ্ষত কোনো মেধাৰ তালিকা ঘোষণা কৰা নহয় আৰু শিক্ষাৰ্থীসকলক যোগ্যতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা নহয় বুলি তেওঁ স্পষ্ট কৰি দিছে ।
তেওঁ লগতে কয় যে, মুঠ ১৭,৬৩৬ গৰাকী পৰীক্ষাৰ্থীক কম্পাৰ্টমেণ্টৰ অধীনত ৰখা হৈছে । কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অনুমোদিত বিদেশৰ বিদ্যালয়সমূহত ৯৯.৯২ শতাংশ শিক্ষাৰ্থীয়ে দশম শ্ৰেণীত উত্তীৰ্ণ হৈছে । কেন্দ্ৰীয় বিদ্যালয় আৰু কেন্দ্ৰীয় তিব্বতীয় বিদ্যালয় প্ৰশাসনৰ অধীনৰ বিদ্যালয়সমূহত উত্তীৰ্ণৰ হাৰ বিগত বৰ্ষবোৰত ৯৯.২৩ শতাংশ, ৯৩.৬৭ শতাংশ হোৱাৰ বিপৰীতে চলিত বৰ্ষত ১০০ শতাংশ হৈছেগৈ ।