নিউজ ডেস্ক, ১২ মে' :শুকুৰবাৰে ঘোষণা হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (Central Board of Secondary Education, CBSE) দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল । দশম শ্ৰেণীৰ এই পৰীক্ষাত অৱতীৰ্ণ শিক্ষাৰ্থীসকলে চিবিএছইৰ অফিচিয়েল ৱেবছাইটত তেওঁলোকৰ ফলাফল পৰীক্ষা কৰিব পাৰে (CBSE class 10 exam results announced) । ৱেবছাইট দুটা হৈছে results.cbse.nic.in বা cbseresults.nic.in ।
পৰীক্ষাত অৱতীৰ্ণ শিক্ষাৰ্থীসকলে তেওঁলোকৰ প্ৰাপ্ত নম্বৰ জানিবলৈ নিজৰ ৰোল নম্বৰ, স্কুল নম্বৰ, এডমিট কাৰ্ড আইডি আৰু জন্ম তাৰিখ ব্যৱহাৰ কৰি লগ ইন কৰিব লাগিব । ছাত্ৰ-ছাত্ৰীসকলে DigiLocker আৰু UMANG এপতো তেওঁলোকৰ ফলাফল পৰীক্ষা কৰিব পাৰে (CBSE exam results in UMANG app) । CBSE-এ শিক্ষাৰ্থীসকলৰ একাউণ্ট সক্ৰিয় কৰাৰ বাবে ছয়টা সংখ্যাৰ সুৰক্ষা পিন জাৰি কৰিছে ।
বিদ্যালয়সমূহে অনলাইন পৰ্টেলৰ পৰা তেওঁলোকৰ এলঅ'চি প্ৰমাণ-পত্ৰ ব্যৱহাৰ কৰি এই সুৰক্ষা পিনবোৰ ডাউনলোড কৰিব পাৰে । শিক্ষাৰ্থীসকলে তেওঁলোকৰ একাউণ্ট সক্ৰিয় কৰিবলৈ তেওঁলোকৰ সুৰক্ষা পিন ব্যৱহাৰ কৰিব লাগিব । ডিজিলকাৰ একাউণ্টৰ পৰা তেওঁলোকৰ মাৰ্কশ্বিট আৰু প্ৰমাণ-পত্ৰৰ ডিজিটেল প্ৰতিলিপি ডাউনলোড কৰিব পাৰে ।
উল্লেখ্য, চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত ৯৩.১২ শতাংশ শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হৈছে (CBSE declared Class 10 results) । অৱশ্যে বিগত বছৰৰ তুলনাত এই হাৰ ১.২৮ শতাংশ হ্ৰাস পাইছে । আনহাতে, উত্তীৰ্ণৰ হাৰত পুনৰবাৰ ছাত্ৰীয়ে চেৰ পেলালে ছাত্ৰক । এই বছৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে 94.25 শতাংশ । ইয়াৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯২.২৭ শতাংশ । লগতে পৰিষদে এইটোও ঘোষণা কৰিছে যে, তেওঁলোকে 'অস্বাস্থ্যকৰ প্ৰতিযোগিতা' পৰিহাৰ কৰিবলৈ এইবাৰ মেধা তালিকা প্ৰকাশ নকৰে ।