অসম

assam

By

Published : Dec 27, 2020, 10:39 AM IST

ETV Bharat / bharat

31 ডিচেম্বৰত ঘোষণা কৰা হ'ব চিবিএছচিৰ ব’ৰ্ড পৰীক্ষাৰ সময়সূচী

31 ডিচেম্বৰত ঘোষণা কৰা হ'ব চিবিএছচিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী ৷ শনিবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে 31 ডিচেম্বৰত চিবিএছচি ৰ বোৰ্ড পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিব ৷ টুইটযোগে এই কথা জনাইছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে ৷

CBSE board exams schedule
31 ডিচেম্বৰত ঘোষণা কৰা হ'ব CBSE ৰ বোৰ্ড পৰীক্ষাৰ সময়সূচী

নেচনেল ডেস্ক, 27 ডিচেম্বৰ : চিবিএছচিৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ বাবে 31 ডিচেম্বৰত সময়সূচী ঘোষণা কৰা হ'ব ৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালে (নিশাংক) শনিবাৰে এই কথা ঘোষণা কৰে ৷ এক টুইটযোগে পোখৰিয়ালে জনাই যে 31 ডিচেম্বৰত তেওঁ 2021 বৰ্ষত CBSE ৰ ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থী সকলৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিব ৷

চলিত সপ্তাহৰ আৰম্ভণিতে পোখৰিয়ালে ক'ভিড-19 সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ফেব্ৰুৱাৰী লৈকে দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ সাধাৰণতে ব্যৱহাৰিক পৰীক্ষা সমূহ জানুৱাৰীত অনুষ্ঠিত হোৱাৰ পাছত ফেব্ৰুৱাৰী মাহত লিখিত পৰীক্ষা ফেব্ৰুৱাৰী মাহত আৰম্ভ হৈ মাৰ্চত শেষ হয় ৷ মঙলবাৰে শিক্ষা মন্ত্ৰী গৰাকীয়ে জনাইছিল যে পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সকলো সিদ্ধান্ত সমগ্ৰ পৰিৱেশ বিবেচনা কৰি সংশ্লিষ্ট লোক সকলৰ সৈতে কৰা আলোচনাৰ পাছতহে লোৱা হ'ব ৷

পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এতিয়ালৈকে কোনো সঠিক তাৰিখ, সময় ইত্যাদি নিৰ্ধাৰণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত বহু বিদ্যালয়ে ইতিমধ্যে অনলাইনযোগে প্ৰি-ব’ৰ্ড পৰীক্ষা অনুষ্ঠিত কৰি শিক্ষাৰ্থী সকলক সাজু কৰিছে ৷ উল্লেখ্য যে 2021 ত ব’ৰ্ড পৰীক্ষা অনলাইন মাধ্যমেৰে নহয় বৰঞ্চ লিখিত পদ্ধতিত অনুষ্ঠিত হ'ব বুলি চলিত মাহত চিবিএছচিয়ে ঘোষণা কৰিছিল ৷

লগতে পঢ়ক:স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান গঠনৰ বাবে উচ্চতম ন্যায়ালয়ত মাৰাঠী পৰিচালকৰ আবেদন

ABOUT THE AUTHOR

...view details