নেশ্যনেল ডেস্ক, 15 জানুৱাৰী:এমাহৰ পিচত অৰ্থাৎ 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ(CBSE) চূড়ান্ত পৰীক্ষা(CBSE Board Exams 2023) ৷ কিন্তু এই পৰীক্ষাৰ বাবে চূড়ান্ত বৰ্ষৰ প্ৰাৰ্থীসকল কিছু সতৰ্ক হোৱাৰ প্ৰয়োজন আহি পৰিছে ৷
কিয়নো, এই বৰ্ষত দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ প্ৰশ্নৰ আৰ্হি সলনি কৰা হৈছে(CBSE introduced new question pattern) ৷ এই প্ৰশ্নবোৰৰ ভিতৰত আছে বস্তুনিষ্ঠ প্ৰশ্ন, গঠনমূলক প্ৰশ্ন, যুক্তি নিষ্ঠ প্ৰশ্ন ইত্যাদি ৷ দশম শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত প্ৰায় 40 শতাংশ প্ৰশ্ন আৰু দ্বাদশ শ্ৰেণীৰ প্ৰায় 30 শতাংশ প্ৰশ্ন যোগ্যতা-আধাৰিত ৰখা হৈছে । ইয়াৰ ভিতৰত দশম শ্ৰেণীৰ পৰীক্ষাত কমেও ৪০ শতাংশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৩০ শতাংশ প্ৰশ্ন দক্ষতাভিত্তিক হ’ব(competency based question in CBSE) ।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ লগত সংগতি ৰাখি CBSEৰ পৰীক্ষাত এই সমূহ সাল-সলনি কৰা হৈছে ৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নিজকে প্ৰস্তুত কৰিব পাৰে সেই উদ্দেশ্যেই প্ৰশ্ন কাকতৰ সাল-সলনি ঘটাইছে CBSEয়ে ৷