অসম

assam

ETV Bharat / bharat

হাথৰছ কাণ্ড : 25 নৱেম্বৰত ৰিপোৰ্ট দাখিল কৰিব চিবিআইয়ে

হাথৰছ কাণ্ড সম্পৰ্কত 25 নৱেম্বৰত ৰিপোৰ্ট দাখিল কৰিব চিবিআইয়ে ৷ চাৰি অভিযুক্তক বৰ্তমান ৰখা হৈছে দিল্লীৰ আলিপুৰ জেলত ৷

By

Published : Nov 10, 2020, 10:06 PM IST

হাথৰছ কাণ্ড
25 নৱেম্বৰত ৰিপোৰ্ট দাখিল কৰিব চিবিআইয়ে

নেশ্যনেল ডেস্ক, 10 নৱেম্বৰ : কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই (চিবিআই) হাথৰছ কাণ্ডৰ তদন্তৰ ৰিপোৰ্ট দাখিল কৰাৰ সম্ভাৱনা আছে 25 নৱেম্বৰত ৷ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্নৌ বিচাৰক মণ্ডলীয়ে চিবিআইক এই ৰিপোৰ্ট প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

উল্লেখ্য যে, 14 ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰছ জিলাৰ এগৰাকী 19 বৰ্ষীয় দলিত যুৱতীক ধৰ্ষণ কৰিছিল চাৰি লোকে ৷ ঘটনাৰ পাচতে যুৱতীগৰাকীক দিল্লীৰ ছফডৰজং হাস্পতালত 28 ছেপ্তেম্বৰত ভৰ্তি কৰোৱা হৈছিল যদিও 29 ছেপ্তেম্বৰৰ দিনা হাস্পতালতে তেওঁ প্ৰাণ হেৰুৱাইছিল ৷

বৰ্তমানলৈকে অভিযুক্ত সন্দীপ সিং, ৰবী, ৰামু আৰু লৱকুশ শিকাৰৱাৰক আৰক্ষীয়ে আটক কৰিছে ৷ দিল্লীৰ আলিপুৰ জেলত ৰখা হৈছে অভিযুক্ত চাৰিজনক ৷

লগতে পঢ়ক :অনাথ আশ্ৰমৰ শিশুৱে গৰুৰ গোৱৰ ব্যৱহাৰেৰে প্ৰস্তুত কৰিলে বন্তি-মূৰ্তি

ABOUT THE AUTHOR

...view details