নেশ্যনেল ডেস্ক, 3 এপ্ৰিল :পশ্চিমবংগৰ বীৰভূম হত্যাকাণ্ডৰ(Birbhum killings) সন্দৰ্ভত চিবিআয়ে গ্ৰেপ্তাৰ কৰা 9 জন ব্যক্তিৰ ফৰেনচিক মনস্তাত্ত্বিক মূল্যায়ন কৰাৰ সিদ্ধান্ত লৈছে(CBI to conduct forensic psychological assessment in Birbhum killings) ৷ মূল্যায়নৰ সময়ত এজন মনোবিজ্ঞানীয়ে তেওঁলোকৰ শাৰীৰিক আৰু মুখৰ অভিব্যক্তিবোৰ মন কৰিবলৈ উপস্থিত থাকিব ৷ যাক প্ৰমাণ হিচাপে গণ্য কৰা হ'ব, চিবিআইৰ এজন বিষয়াই সদৰি কৰে এই কথা ৷
চিবিআইৰ আন এজন বিষয়াই সদৰি কৰা অনুসৰি, ঘটনাৰ সন্দৰ্ভত অভিযুক্তসকলক সোধ-পোছ অব্যাহত ৰখাৰ সময়ত তেওঁলোকৰ বক্তব্য বিসংগতিপূৰ্ণ পোৱাত এই সিদ্ধান্ত লোৱা হৈছিল ৷ তদন্ত সংস্থাটোৱে স্থানীয় টিএমচি নেতা ভাদু শ্বেখৰ হত্যাৰ পিছত জ্বলাই দিয়া বগটুই গাঁৱৰ ১০ টা ঘৰত উদ্ধাৰ অভিযানত জড়িত অগ্নিনিৰ্বাপক বাহিনীৰ ভাৰপ্ৰাপ্ত বিষয়াজনক জেৰা কৰিছে বুলি বিষয়াজনে জানিবলৈ দিয়ে ৷
চিবিআয়ে নৰসংহাৰৰ সময়ত নিহত হোৱা আন আঠজন লোকৰ নমুনাও DNA পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে । ভুক্তভোগী পৰিয়ালকেইটাই তেওঁলোকে মৃতদেহবোৰ চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাছিল । বিষয়াজনে সদৰি কৰা অনুসৰি DNA পৰীক্ষাই তেওঁলোকক চিনাক্ত কৰাত সহায় কৰিব বুলি উল্লেখ কৰে ৷