নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ :চিবিআইক অৰ্পন কৰা হৈছে এলাহাবাদ আৰু কানপুৰৰ ৱাকাফ সম্পত্তিৰ অবৈধ ক্ৰয়-বিক্ৰয় আৰু হস্তান্তৰৰ তদন্তৰ দায়িত্ব ৷ ঘটনা সম্পৰ্কত আৰক্ষীয়ে উত্তৰ প্ৰদেশ ছিয়া ৱাকাফ বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজবিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি এক সূত্ৰত প্ৰকাশ ৷
উল্লেখ্য যে, এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ৰিজবি আৰু অন্যন্য লোকৰ বিৰুদ্ধে 2016 চনত এলাহাবাদ আৰু 2016 চনত লক্ষ্নৌ আদালতত দুখনকৈ গোচৰ ৰুজু কৰা হৈছিল ৷ ৰাজ্য চৰকাৰে এই দুই গোচৰ সম্পৰ্কত যোৱা বছৰেই উল্লেখ কৰিছিল ৷