নেচনেল ডেস্ক,6 মাৰ্চ:সীমান্তত অবৈধভাৱে গৰু সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দুজনকৈ আইপিএছ বিষয়াক চমন জাৰি কৰিছে চিবিআই-য়ে ৷ শনিবাৰে সংস্থাৰ বিশেষ সূত্ৰই প্ৰকাশ কৰে এই কথা ৷ তদন্তৰ সৈতে জড়িত চিবিআইৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, ডিআইজি কল্লোল গণায় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক অংশুমান সাহা নামৰ আৰক্ষীৰ দুই শীৰ্ষ বিষয়াক 8 মাৰ্চত অৰ্থাৎ সোমবাৰে সোধ-পোছৰ বাবে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছে ৷ তদুপৰি, কল্লোল গণায় মুৰ্চিদাবাদ ৰেঞ্জৰ ডিআইজি হিচাপে কৰ্মৰত হৈ থকাৰ লগতে অংশুমান সাহা মুৰ্চিদাবাদ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত বুলিও জানিবলৈ দিয়ে সূত্ৰটোৱে ৷
গৰু সৰবৰাহৰ সৈতে জড়িত দুই আইপিএছ বিষয়াক চমন জাৰি - অবৈধভাৱে গৰু সৰবৰাহ
সীমান্তত অবৈধভাৱে গৰু সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দুজনকৈ আই পি এছ বিষয়াক চমন জাৰি কৰিছে চিবিআই-য়ে ৷ শনিবাৰে সংস্থাৰ বিশেষ সূত্ৰই প্ৰকাশ কৰে এই কথা ৷

গৰু সৰবৰাহৰ সৈতে জড়িত দুই আইপিএছ বিষয়াক চমন জাৰি CBIৰ
উল্লেখ্য যে, চিবিআইয়ে বিগত বছৰৰ ২১ ছেপ্তেম্বৰত সীমান্ত নিৰাপত্তাৰক্ষী আৰু শুল্ক বিষয়াকে ধৰি চাৰিজনকৈ লোকৰ বিৰুদ্ধে গৰুৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত গোচৰ ৰুজু কৰিছিল ৷ অভিযোগ অনুসৰি তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় গৰু সৰবৰাহকাৰীয়ে মোটা অংকৰ ধন ঘোচ দিছিল ৷