নিউজ ডেস্ক, ১৬ অক্টোবৰ :চিবিআইয়ে সোমবাৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াক (Delhi Deputy Chief Minister Manish Sisodia) ৰাষ্ট্ৰীয় ৰাজধানীৰ বাবে আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে (CBI summoned Manish Sisodia) । চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ । ফেডাৰেল তদন্ত সংস্থাটোৱে আম আদমী পাৰ্টীৰ (AAP) নেতাজনক সোমবাৰে পুৱা ১১ বজাত ইয়াৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'বলৈ কোৱা বুলিও সূত্ৰটোত প্ৰকাশ ।
দেওবাৰে এক টুইটযোগে ছিছোদিয়াই কয়, "মোৰ ঘৰত ১৪ ঘণ্টা ধৰি চিবিআইৰ অভিযান চলোৱা হৈছিল, তাত একো ওলোৱা নাছিল । মোৰ বেংকৰ লকাৰতো বিচাৰিছিল, তাতো একো ওলোৱা নাছিল । তেওঁলোকে মোৰ গাঁৱতো একো পোৱা নাছিল । এতিয়া তেওঁলোকে মোক কাইলৈ পুৱা ১১ বজাত চিবিআইৰ মুখ্য কাৰ্যালয়লৈ মাতিছে (Manish Sisodia called to CBI Headquarters) ।
মই গৈ মোৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়াম । সত্যমেৱ জয়তে’’ । উল্লেখ্য, উক্ত গোচৰটো সন্দৰ্ভত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৱে (চিবিআই) কেইবাজনো লোকক সোধা-পোছা কৰিছে । যাৰ ভিতৰত আছে ইণ্ডো স্পিৰিটছৰ গৰাকী সমীৰ মহেন্দ্ৰু, গুৰুগ্ৰামৰ বাডী ৰিটেইল প্ৰাইভেট লিমিটেডৰ সঞ্চালক অমিত অৰোৰা আৰু ইণ্ডিয়া এহেড নিউজৰ পৰিচালন সঞ্চালক মুথা গৌতম । চিবিআইৰ বিষয়াসকলে এই কথা জনাইছে ।