নেশ্য়নেল ডেস্ক, ১১ মাৰ্চ:কেন্দ্ৰীয় অনসন্ধানকাৰী সংস্থা চি বি আইয়ে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ (Rashtriya Janata Dal) নেতা তেজস্বী যাদৱক শনিবাৰে ভূমিৰ বিনিময়ত চাকৰি গোচৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে চমন জাৰি কৰিছে (CBI summons Bihar Deputy CM Tejashwi Yadav)। তেজস্বী যাদৱে ৪ ফেব্ৰুৱাৰীৰ পিছত দ্বিতীয়বাৰৰ বাবে চি বি আইৰ (Central Bureau of Investigation) চমন লাভ কৰিছে । এই বিষয়ে এক সূত্ৰই সদৰি কৰিছে । ইয়াৰ পিছতেই আৰ জে ডিৰ নেতাসকলে পৰিকল্পনা অনুসৰি বিৰোধী নেতাসকলক হাৰাশাস্তি কৰিবলৈ কেন্দ্ৰৰ শাসকীয় দল বিজেপিয়ে কেন্দ্ৰীয় সংস্থাসমূহক অপব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ।
কেন্দ্ৰীয় সংস্থাটোৱে অভিযোগ উত্থাপন কৰিছে যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে চাকৰি দিয়াৰ বিনিময়ত ভূমি লাভ কৰিছিল (Land for job case)। লালু প্ৰসাদ যাদৱে ৰে'ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকোতেই ভূমিৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । চিবিআইয়ে ইতিমধ্যে লালু প্ৰসাদ যাদৱ, তেওঁৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী (Bihar former CM Rabri Devi) আৰু পৰিয়ালৰ আন ১৪ গৰাকী সদস্যৰ বিৰুদ্ধে ভূমিৰ বিনিময়ত চাকৰিৰ গোচৰৰ অভিযোগপত্ৰ দাখিল কৰিছে ।