অসম

assam

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 10:49 PM IST

ETV Bharat / bharat

Kejriwal bungalow renovation: CBIয়ে আৰম্ভ কৰিলে কেজৰিৱালৰ বাসগৃহ পুনৰ নিৰ্মাণৰ দুৰ্নীতিৰ অভিযোগৰ তদন্ত

অৰবিন্দ কেজৰিৱালৰ বাসগৃহ পুনৰ নিৰ্মাণৰ নামত 45 কোটি টকা ব্যয় হোৱা অভিযোগৰ তদন্ত আৰম্ভ কৰিছে CBIয়ে ৷ দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাৰ নিৰ্দেশ অনুসৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে CBIক প্ৰদান কৰিছে বিষয়টোৰ তদন্তৰ দায়িত্ব ৷

Kejriwal bungalow renovation
Kejriwal bungalow renovation

নেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহ পুনৰ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন হোৱাৰ পাছতে অভিযোগৰ সত্যতা প্ৰমাণৰ বাবে CBIয়ে বুধবাৰে প্ৰাথমিক তদন্ত আৰম্ভ কৰে ৷ জানিব পৰা মতে, CBIয়ে গৃহ নিৰ্মাণৰ সকলো নথি-পত্ৰ পৰীক্ষা কৰিব ৷

অৱশ্যে CBIৰ বিষয়াসকলে আনুষ্ঠানিকভাৱে মন্তব্য প্ৰদানৰ পৰা বিৰত আছে যদিও নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এগৰাকী বিষয়াই এই কথা প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেজৰিৱালৰ বাসগৃহৰ নৱীকৰণ/পুনৰ নিৰ্মাণ সম্পৰ্কীয় অভিযোগৰ CBI তদন্তৰ নিৰ্দেশ দিছিল । দিল্লীৰ লেফটেনেন্ট গভৰ্ণৰ নিৰ্দেশ অনুসৰি এই তদন্তৰ নিৰ্দেশ দিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷

CBIৰ তদন্ত আৰম্ভ হোৱাৰ পাছতেই আম আদমী পাৰ্টীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ ‘‘বিজেপিয়ে আম আদমী পাৰ্টিক ধ্বংস কৰিবলৈ সকলো শক্তি প্ৰয়োগ কৰিছে । সকলো তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰা হৈছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ঘেৰি ধৰিলেও দিল্লীৰ 2 কোটি লোকৰ আশীৰ্বাদ অৰবিন্দ কেজৰিৱালৰ সৈতে আছে । এই অনুসন্ধানৰ পৰা একো পোৱা নাযাব । বিজেপিয়ে যিমানেই তদন্ত বিচাৰে, অৰবিন্দ কেজৰিৱালে সাধাৰণ মানুহৰ স্বাৰ্থৰ বাবে যুঁজ অব্যাহত ৰাখিব,’’ দিল্লী আপে কয় ৷

বিজেপিৰ উপৰিও, ৰাজ্যিক কংগ্ৰেছৰ নেতাসকলে চিভিল লাইনছ 6 ফ্লেগ ষ্টাফ ৰোডত মুখ্যমন্ত্ৰী কেজৰিৱালৰ চৰকাৰী বাংলোৰ নৱীকৰণৰ নামত প্ৰায় 45 কোটি টকা ব্যয়ৰ বিষয়ে লেফটেনেণ্ট গভৰ্ণৰ ভি কে চাক্সেনাৰ ওচৰত অভিযোগ দাখিল কৰিছিল । ইয়াৰ পিছত লেফটেনেণ্ট গৱৰ্ণৰে সংশ্লিষ্ট বিভাগৰ পৰা আৰু প্ৰধান সচিবৰ পৰা বিতং বিৱৰণ বিচাৰিছিল । বিভিন্ন বিভাগৰ প্ৰতিবেদনত সময়মতে লাভ নকৰাৰ পাছত গোচৰটোৰ তদন্ত CBIক হস্তান্তৰ কৰা হয় ৷

শেহতীয়াকৈ, মুখ্যমন্ত্ৰী কেজৰিৱাল চৰকাৰী বাংলোৰ বিষয়ে এক ডাঙৰ তথ্য প্ৰকাশ পাইছিল ৷ সেই তথ্যত দাবী কৰা হৈছে যে বাংলোটোৰ সৌন্দৰ্যবৰ্ধনৰ নামত 2 বা 5 কোটি নহয়, বৰঞ্চ 45 কোটি টকা ব্যয় কৰা হৈছে ৷ এই বিষয়টোক এতিয়া বিৰোধীয়ে ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰিছে ৷ দিল্লী চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ এজন জ্যেষ্ঠ বিষয়াৰ মতে, এয়া কেৱল সৌন্দৰ্যবৰ্ধন নাছিল, পুৰণি গাঁথনিটো এটা নতুন ঘৰৰ দ্বাৰা সলনি কৰা হৈছিল আৰু ইয়াত আপৰ এটা কাৰ্যালয়ো আছে । ইয়াৰ বাবে প্ৰায় 44 কোটি টকা ব্যয় কৰা হৈছে ৷

সূত্ৰৰ দ্বাৰা প্ৰদান কৰা নথিঅনুসৰি 43.70 কোটি টকাৰ অনুমোদিত পৰিমাণৰ বিপৰীতে নিৰ্মাণৰ বাবে মুঠ 44.78 কোটি টকা ব্যয় কৰা হৈছে । এই ক্ষেত্ৰত CBIয়ে চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ মুৰব্বীক নথিপত্ৰ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক:Himachal Flood: হিমাচল প্ৰদেশ চৰকাৰলৈ অসম চৰকাৰৰ 10 কোটি টকাৰ বান সাহায্য

ABOUT THE AUTHOR

...view details