নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰী: উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ চিয়াটছ ইনষ্টিটিউটৰ একাউন্টৰ পৰা ২৩ কোটি টকাৰ হৰলুকিৰ কেলেংকাৰী সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰামৰ্শ অনুসৰি চি বি আইয়ে আৰম্ভ কৰিছে তদন্ত । এই বৃহৎ পৰিমাণৰ ধনৰ হৰলুকিৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে চি বি আইয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। লক্ষ্ণৌস্থিত চি বি আইৰ এটা বিশেষ দলে কোটি টকীয়া কেলেংকাৰীৰ ক্ষেত্ৰত জালিয়াতি, ষড়যন্ত্ৰকে ধৰি সমগ্ৰ গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে ।
প্ৰয়াগৰাজৰ চিয়াটছ ইনষ্টিটিউটৰ কেলেংকাৰী সন্দৰ্ভত চি বি আইৰ তদন্ত - ২৩ কোটি টকা কেলেংকাৰী
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ চিয়াটছ ইনষ্টিটিউটৰ একাউন্টৰ ২৩ কোটি টকীয়া কেলেংকাৰীৰ সন্দৰ্ভত চি বি আইৰ তদন্ত আৰম্ভ । লক্ষ্ণৌস্থিত চি বি আইৰ এটা বিশেষ দলে কোটি টকীয়া কেলেংকাৰীৰ ক্ষেত্ৰত আৰম্ভ কৰিছে এই তদন্ত ।
উল্লেখ্য যে, ২০১৭ চনত প্ৰয়াগৰাজৰ অসামৰিক লাইন আৰক্ষী থানাত দাখিল কৰা এক এজাহাৰৰ গোচৰৰ ভিত্তিত চি বি আইয়ে তদন্ত অব্যাহত ৰাখিছে । এই গোচৰত এক্সিছ বেংকৰ প্ৰাক্তন মেনেজাৰ কমল এহচান আৰু চিয়াটছ ইনষ্টিটিউট একাউণ্টেণ্ট ৰাজেশ কুমাৰৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছিল । দুয়োজনৰ বিৰুদ্ধে প্ৰতিষ্ঠানৰ একাউণ্টৰ পৰা ২৩ কোটিতকৈ অধিক টকাৰ ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে । ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে ২০১৮ চনৰ ১২ ছেপ্টেম্বৰত চিবিআই তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছিল । ইয়াৰ ভিত্তিতেই চি বি আইয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:কিশোৰীক ধৰ্ষণ আৰু হত্য়াৰ গোচৰত ছট্টিশগড়ত গ্ৰেপ্তাৰ ৬ জন