নেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ: 6 জুলাইত মণিপুৰৰ পৰা নিৰুদ্দেশ হোৱা দুই মেইটেই শিক্ষাৰ্থীৰ অপহৰণ আৰু হত্যাৰ তদন্ত কৰিব CBIয়ে ৷
সংস্থাটোৰ বিশেষ সঞ্চালক অজয় ভাটনাগৰে বুধবাৰে তদন্ত আৰম্ভ কৰিবলৈ এক বিশেষ বিমানযোগে ইম্ফলত উপস্থিত হৈছে ৷ উল্লেখ্য যে মণিপুৰ চৰকাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)ক গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷
ভাটনাগৰৰ নেতৃত্বত দলটোৱে ইম্ফলত শিবিৰ পাতি থকা CBIৰ যুটীয়া সঞ্চালক ঘনশ্যাম উপাধ্যায়ৰ সৈতে যোগদান কৰিব, সূত্ৰই সদৰী কৰিছে ৷ এই দলটোত থাকিব সকলো দিশৰ বিশেষজ্ঞ বিষয়া ৷
উল্লেখ্য যে সন্ধাহীন শিক্ষাৰ্থী দুগৰাকীৰ মৃতদেহৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই এতিয়া মণিপুৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ বিগত সোমবাৰে ভাইৰেল হৈছিল মৃতদেহ ফটো ৷
বিষয়াসকলে কয় যে জুলাই মাহত অপহৃত হোৱা দুই শিক্ষাৰ্থীৰ হত্যাৰ বিৰুদ্ধে মঙলবাৰে সাব্যস্ত কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে গুলীচালনা কৰে ৷ ফলত প্ৰায় 45গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয় ৷