অসম

assam

ETV Bharat / bharat

Jail ’extortion’ : হাইপ্ৰফাইল কয়দীৰ পৰা ধন দাবীৰ অভিযোগ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে - ৰাজহুৱা সেৱকৰ বিৰুদ্ধে এজাহাৰ বা গোচৰ

প্ৰাক্তন জে’ল মন্ত্ৰী সত্যেন্দৰ জৈন আৰু কাৰাগাৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান সন্দীপ গোৱেলৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ অনুমতি বিচাৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ CBI এ ৷ হাইপ্ৰফাইল কয়দীক জে’লত আৰামদায়ক জীৱন যাপন প্ৰদানৰ বাবদ কোটি কোটি টকা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে দুয়োগৰাকীৰ বিৰুদ্ধে ৷

Jail ’extortion’
হাইপ্ৰফাইল কয়দীৰ পৰা ধন দাবীৰ অভিযোগ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 7:47 AM IST

Updated : Nov 14, 2023, 8:05 AM IST

নেশ্যনেল ডেস্ক, 14 নৱেম্বৰ:কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ CBI এ ধন দাবীৰ গোচৰত প্ৰাক্তন জেল মন্ত্ৰী সত্যেন্দৰ জৈন আৰু কাৰাগাৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান সন্দীপ গোৱেলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ অনুমতি বিচাৰিছে বুলি সোমবাৰে বিষয়াসকলে প্ৰকাশ কৰে । জৈন আৰু গোৱেলে জে’লত আৰামদায়ক জীৱন যাপনৰ বিনিময়ত সুকেশ চন্দ্ৰশেখৰকে ধৰি হাইপ্ৰফাইল কয়দীৰ পৰা কোটি কোটি টকা ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে বুলি সংবাদ সংস্থা PTI এ প্ৰকাশ কৰিছে ।

ইফালে, আম আদমী পাৰ্টিয়ে অভিযোগ কৰে যে চিবিআইয়ে দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে এই সমগ্ৰ তদন্ত আৰম্ভ কৰিছে সুকেশ চন্দ্ৰশেখৰৰ বক্তব্যৰ ভিত্তিত ৷ সুকেশ চন্দ্ৰশেখৰে “ভাৰতৰ আটাইতকৈ ডাঙৰ গুণ্ডা আৰু প্ৰৱঞ্চক বুলি আম আদমী পাৰ্টীৰ নেতাগৰাকীক অভিহিত কৰাৰ লগতে এইগৰাকী ব্যক্তিকে “প্ৰকৃত সত্যবাদী হৰিশচন্দ্ৰ ” বুলি গণ্য কৰা হয় বুলি কটাক্ষ কৰিছিল ।

সোমবাৰে আপে এক বিবৃতিযোগে কয়, "এয়া আইনৰ প্ৰতি উপহাসৰ বাহিৰে আন একো নহয় ।" আপে জৈন আৰু সুকেশ চন্দ্ৰশেখৰ বা তেওঁৰ কোনো সহযোগীৰ মাজত কোনো ধৰণৰ ধনৰ লেনদেন হোৱাৰ লগতে এনেধৰণৰ কোনো যোগাযোগৰ প্ৰতি অস্বীকাৰ প্ৰকাশ কৰে । কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে জৈন আৰু জে’ল বিষয়া ৰাজ কুমাৰৰ বিৰুদ্ধে লেফটেনেণ্ট গৱৰ্ণৰ বিনৈ কুমাৰ ছাক্সেনাৰ কাৰ্যালয়ৰ অনুমোদনৰ বাবে অনুৰোধ জনোৱাৰ বিপৰীতে নিলম্বিত আই পি এছ গোৱেল আৰু অৱসৰপ্ৰাপ্ত আই এ এছ মুকেশ প্ৰসাদৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ কাষ চাপিছে ।

দুৰ্নীতি প্ৰতিৰোধ আইনৰ 17 (A) ধাৰা অনুসৰি ৰাজহুৱা সেৱকৰ বিৰুদ্ধে এজাহাৰ বা গোচৰ ৰুজু কৰাৰ পূৰ্বে চিবিআইক এই অনুমোদনৰ প্ৰয়োজন ৷ তদন্তকাৰী সংস্থাটোৱে কয় যে তেওঁলোকৰ হাতত 'তথ্য' আছে যে জৈন, গোৱেল, প্ৰসাদ, আৰু কুমাৰে বিভিন্ন “হাই প্ৰফাইল কাৰাবন্দী”ৰ পৰা কাৰাগাৰত আৰামেৰে দিন কটাব দিয়াৰ চৰ্তত কোটি কোটি টকা ধন দাবী কৰিছিল, য’ত চন্দ্ৰশেখৰকে ধৰি বহু সংখ্যক লোকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

পত্ৰখনত CBI এ অভিযোগ কৰিছে যে জৈনে “2018-21 চনৰ ভিতৰত কাৰাবন্দী চন্দ্ৰশেখৰক কাৰাবন্দী অৱস্থাত শান্তিপূৰ্ণ আৰু আৰামদায়ক জীৱন প্ৰদানৰ চৰ্তত নিজে অথবা সহযোগীসকলৰ জৰিয়তে আগধন হিচাপে বিভিন্ন মাধ্যমেৰে 10 কোটি টকা আদায় কৰিছিল ।

তদন্তকাৰী সংস্থাটোৱে আৰু অভিযোগ কৰে যে জৈন, গোৱেল, প্ৰসাদ আৰু কুমাৰে ৰাজহুৱা সেৱক হিচাপে “নিজৰ চৰকাৰী পদৰ অপব্যৱহাৰ” কৰিছিল আৰু উপযুক্ত বিবেচনাৰ পৰিৱৰ্তে দিল্লীৰ কাৰাগাৰত চন্দ্ৰশেখৰ আৰু অন্যান্য হাইপ্ৰফাইল বন্দীসকলক অযথা সুবিধা প্ৰদান কৰিছিল ৷

লগতে পঢ়ক:Telangana Assembly Election 2023: জুবিলী হিলছত জয়ৰ দৃষ্টিৰে আজহাৰুদ্দিন, কোটিপতিৰ সমষ্টিত সাধাৰণ ৰাইজৰ বাবে উন্নয়নৰ প্ৰতিশ্ৰুতি

Last Updated : Nov 14, 2023, 8:05 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details