নেশ্যনেল ডেস্ক,৬ মাৰ্চ :কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চিবিআইয়ে পুনৰ এবাৰ বিহাৰৰ ৰাজধানী পাটনাত ৰাৱৰী দেৱীৰ বাসগৃহত অভিযান আৰম্ভ কৰিছে (CBI raid at Rabri Devi residence)। চিবিআইৰ দলটোৱে সোমবাৰে পুৱাৰে পৰা ৰাৱৰী দেৱীৰ বাসগৃহত অভিযান চলাইছে । অভিযানকাৰী দলটোত চিবিআইৰ ১২ জনকৈ সদস্য আছে বুলি জানিব পৰা গৈছে ।
ভূমিৰ বিনিময়ত চাকৰি প্ৰদানৰ এক অভিযোগৰ ভিত্তিত এই তদন্ত কৰিছে চিবিআইয়ে (CBI raid on land for job scam)। দিল্লীৰ ৰৌজ এভিনিউ আদালতে ইতিমধ্যে অভিযানৰ বাবে ৰাৱৰী দেৱীলৈ জাননী প্ৰেৰণ কৰিছিল । ৰাৱৰীৰ বাসগৃহত চিবিআইৰ অভিযান চলি থকাৰ সময়ত বাসগৃহৰ ভিতৰত পৰিৱেশ মন্ত্ৰী তেজ প্ৰতাপ যাদৱ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱৰী দেৱী উপস্থিত থকা বুলি জানিব পৰা গৈছে । অৱশ্যে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ বাজেট অধিৱেশনৰ বাবে বিধানসভাত উপস্থিত আছে ।
লালু প্ৰসাদ যাদৱ ৰে'ল মন্ত্ৰী হৈ থকাৰ সময়তে ভূমিৰ বিনিময়ত চাকৰি দিয়াৰ এক অভিযোগ উঠিছিল । গোচৰটো ২০০৪ চনৰ পৰা ২০০৯ চনৰ ভিতৰত আছিল যেতিয়া লালু প্ৰসাদ যাদৱ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী আছিল (Land for job case in Bihar)। লালুৰ উপৰিও তেওঁৰ পত্নী ৰাৱৰী দেৱী, তেওঁৰ দুই কন্যা মিছা ভাৰতী আৰু হেমা যাদৱ আৰু আন ১২ জনৰ বিৰুদ্ধে গোচৰটোত অভিযোগনামা দাখিল কৰা হৈছে ।