নেশ্যনেল ডেস্ক,১১ ডিচেম্বৰ :দিল্লীৰ সুৰা কেলেংকাৰী গোচৰ সন্দৰ্ভত চিবিআইৰ তদন্ত অব্যাহত আছে (CBI investigating Delhi Liquor Scam Case)। এইবাৰ এই কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা তথা বিধায়িকা কে কবিতাৰ নাম । তদন্তৰ খাতিৰত চিবিআইৰ দল উপস্থিত হৈছে কে কবিতাৰ হায়দৰাবাদৰ বাসগৃহত (CBI officials reached MLC Kavitha house)। দুটা দলত অহা চিবিআইৰ বিষয়াসকলে কবিতাৰ ভাষ্য কেৱল সাক্ষী হিচাপে গ্ৰহণ কৰিব । তেওঁৰ ভাষ্য চিআৰপিচি ১৬১ ৰ অধীনত লোৱা হ'ব । তদন্তৰ বাবে অহা চিবিআই দলটোত মহিলা বিষয়াও আছে । অনুসন্ধান সন্ধিয়ালৈকে অব্যাহত থকাৰ সম্ভাৱনা আছে (CBI interrogates BRS leader K Kavita)।
চিবিআইয়ে প্ৰথমে নেত্ৰীগৰাকীক গোচৰত জেৰাৰ বাবে ৬ তাৰিখৰ দিনটো বিচাৰিছিল । অৱশ্যে ইয়াৰ উত্তৰত বিধায়িকা কে কবিতাই কৈছিল যে তেওঁ ১১, ১২, ১৪ আৰু ১৫ তাৰিখেহে সময় দিব পাৰিব কিয়নো উক্ত দিন কেইটাত তেওঁৰ আন কাৰ্যসূচী নাই । ইয়াৰ পাছতে চিবিআইয়ে জনাইছিল যে তেওঁলোকে দেওবাৰে তদন্ত কৰিব আৰু নেত্ৰীগৰাকীও সন্মত হয় ।
ইয়াৰ পূৰ্বে শনিবাৰে কে কবিতাই প্ৰগতি ভৱনলৈ যায় আৰু মুখ্যমন্ত্ৰী তথা পিতৃ কে চি আৰক সাক্ষাৎ কৰে (MLC K Kavitha met CM KCR)। মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকৰ পাছতে কন্যা তথা বিধায়িতা কবিতাৰ সৈতে বাৰ্তালাপ কৰে । সূত্ৰৰ মতে মুখ্যমন্ত্ৰীয়ে কৈছে যে বিজেপিয়ে সমস্যা সৃষ্টি কৰিবলৈ যিমানেই চেষ্টা নকৰক তেওঁলোকে ইয়াক গুৰুত্ব দিব নালাগে । চিবিআই তদন্তও বিজেপিৰে ষড়যন্ত্ৰৰ অংশ বুলিও মুখ্যমন্ত্ৰীয়ে কয় ।