নেশ্যনেল ডেস্ক,২১ আগষ্ট :দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বিৰুদ্ধে চিবিআইৰ লুকআউট চাৰ্কুলাৰ জাৰি । কোনো কাৰণতে দেশ এৰি যাব নোৱাৰিব মনীষ চিছোদিয়াই । মনীষ চিছোদিয়াকে ধৰি ১৫ গৰাকী লোকৰ বিৰুদ্ধে চিবিআইয়ে জাৰি কৰিছে লুকআউট চাৰ্কুলাৰ (CBI lookout circular issued against 15 accused)। দিল্লী চৰকাৰৰ নতুন আবকাৰী নীতিৰ দুৰ্নীতি সম্পৰ্কীয় এক গোচৰত চিবিআয়ে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে ।
লুকআউট চাৰ্কুলাৰ জাৰী কৰাৰ পাছতে মনীষ চিছোদিয়াই প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । তেওঁ প্ৰধানমন্ত্ৰী মোডীক আক্ৰমণ কৰি টুইটযোগে কয় যে, চৰকাৰৰ সকলো অভিযান বিফল হৈছে, একো পোৱা নাই, এটা পইচাও খেলিমেলি হোৱাৰ তথ্য পোৱা নাই । এতিয়া আকৌ জাননী জাৰি কৈছে যে মনীষ চিছোদিয়াক বিচাৰি পোৱা নাই ।
প্ৰধানমন্ত্ৰীয়ে এয়া কি ধেমালি কৰিছে বুলি তেওঁ প্ৰশ্ন কৰে । চিছোদিয়াৰ মতে তেওঁ দিল্লীত মুক্তভাৱে ঘূৰি ফুৰিছে । তেওঁ ক'লৈ যাব লাগে কওঁক বুলিও প্ৰশ্ন কৰে ?
ইফালে শনিবাৰে, চিবিআইয়ে পঞ্জীয়ন কৰা এজাহাৰত নাম থকা পাঁচগৰাকী অভিযুক্তক সোধা-পোছাৰ বাবে মাতিছিল । সূত্ৰৰ মতে সোধা-পোছা কৰা লোকসকল মনীষ চিছোদিয়াৰ ঘনিষ্ঠ । ইয়াৰ পূৰ্বে শুকুৰবাৰে চিবিআইয়ে উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ চৰকাৰী বাসভৱনত তালাচী চলাইছিল (CBI raids against Manish Sisodia)। ইয়াৰ উপৰিও, দক্ষিণ দিল্লীৰ সুৰা কোম্পানীবোৰৰ কাৰ্যালয় আৰু গুদামসমূহতো অভিযান চলোৱা হৈছিল ।
ইফালে নতুন আবকাৰী নীতিৰ বিষয়ে হোৱা হুলস্থূলৰ মাজতে আম আদমী পাৰ্টি আৰু বিজেপি নেতাসকলে নিৰন্তৰ সংবাদমেল অনুষ্ঠিত কৰা দেখা গৈছে । শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে আৰু আম আদমী পাৰ্টিক উভতি ধৰিবলৈ চেষ্টা কৰে ।
আনহাতে আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙে আকৌ ঠাকুৰৰ প্ৰশ্নৰ এটা এটাকৈ উত্তৰ দিয়ে । তেওঁ কয় যে চিবিআইৰ ইমানবোৰ অভিযানৰ পাছতো চিবিআইয়ে এতিয়ালৈকে কি পাইছে সেই বিষয়ে কিয় একো কোৱা নাই । তেওঁৰ মতে আবকাৰী নীতিত কোনো হেৰফেৰ হোৱা নাই । তেওঁ লগতে কয় যে, বিষয়টো সুৰা নহয়, বিষয়টো সুৰা হোৱা হ'লে গুজৰাটতো অভিযান হ'ব লাগিছিল । আচলতে বিষয়টো হৈছে অৰবিন্দ কেজৰিৱালৰ বৰ্ধিত জনপ্ৰিয়তা ।
লগতে পঢ়ক :দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত চিবিআইৰ অভিযান