অসম

assam

ETV Bharat / bharat

1984 anti Sikh riots case: শিখ বিৰোধী সংঘৰ্ষ গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব 6 ছেপ্টেম্বৰত - senior Congress leader Jagdish Tytler latest ews

1984 চনৰ শিখ বিৰোধী সংঘৰ্ষ গোচৰৰ অন্যতম অভিযুক্ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জগদীশ টাইটলাৰৰ গোচৰ সন্দৰ্ভত CBI য়ে আদালতত দাখিল কৰে প্ৰতিবেদন ৷ দিল্লী আদালতত CBI য়ে দাখিল কৰে এই প্ৰতিবেদন ৷ গোচৰটোৰ পৰৱৰ্তী শুনানিৰ বাবে নিৰ্ধাৰণ কৰা হৈছে 6 ছেপ্টেম্বৰৰ দিনটো ।

1984 anti Sikh riots case
CBI য়ে দাখিল কৰে প্ৰতিবেদন

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:02 AM IST

Updated : Aug 30, 2023, 8:41 AM IST

নেশ্যনেল ডেস্ক, 30 আগষ্ট:বৰ্তমানেও আদালতৰ বিচৰাধীন হৈ আছে1984 চনৰ শিখ বিৰোধী সংঘৰ্ষৰ গোচৰ ৷ শিখ বিৰোধী সংঘৰ্ষৰ সময়ত পুল বাংগাছ হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জগদীশ টাইটলাৰ । এই গোচৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা CBI য়ে দিল্লীৰ আদালতত দাখিল কৰে আবেদন ৷

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জগদীশ টাইটলাৰে 1984-2023 চনলৈকে আদালতৰ পৰা তথ্য বিচৰা আবেদন সন্দৰ্ভত দিল্লীৰ আদালতত উত্তৰ দাখিল কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে । আদালতে গোচৰটোৰ শুনানিৰ বাবে পুনৰ 6 ছেপ্টেম্বৰৰ দিনটো নিৰ্ধাৰণ কৰিছে । ইয়াৰ পূৰ্বে 11 আগষ্টত 1984 চনৰ শিখ বিৰোধী সংঘৰ্ষৰ গোচৰৰ সৈতে জড়িত সুৰক্ষাৰ চিন্তাৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হৈছিল প্ৰাক্তন কংগ্ৰেছ সাংসদগৰাকীক ।

5 আগষ্টৰ শুনানিৰ দিনা জগদীশ টাইটলাৰৰ বিৰুদ্ধে শিখ সম্প্ৰদায়ৰ ৰাইজে আয়োজন কৰিছিল বিশাল প্ৰতিবাদ । ইয়াৰ পিছত তেওঁ নিজৰ অধিবক্তাৰ জৰিয়তে ভিচিৰ জৰিয়তে হাজিৰ হ’বলৈ অনুৰোধ কৰিছিল । আদালতে এই আবেদনত অনুমোদন জনায় ।

ইয়াৰ পূৰ্বে 4 আগষ্টত তেওঁৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি সত্ৰ আদালতে তেওঁক অগ্ৰিম জামিন প্ৰদান কৰিছিল । 20 মে’ত চিবিআইয়ে দাখিল কৰিছিল এই পৰিপূৰক অভিযোগনামা ।

উল্লেখ্য যে, এই গোচৰটো 1984 চনৰ 1 নৱেম্বৰত পুল বঙাছ অঞ্চলত তিনিজনকৈ লোকক হত্যা কৰা ঘটনাৰ সৈতে জড়িত ৷ গোচৰটো সন্দৰ্ভত 20 মে’ত কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোৱে টাইটলাৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে । তেতিয়াৰ সংসদৰ সদস্য জগদীশ টাইটলাৰক অভিযোগনামাত অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে ।

দিল্লীত 1984 চনৰ শিখ বিৰোধী সংঘৰ্ষ ঘটনাৰ তদন্তৰ বাবে ভাৰত চৰকাৰে 2000 চনত ন্যায়াধীশ নানাৱতী তদন্ত আয়োগ গঠন কৰিছিল । আয়োগৰ প্ৰতিবেদন বিবেচনাৰ অন্তত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (ভাৰত চৰকাৰ) চিবিআইক নিৰ্দেশ জাৰি কৰে যে তেতিয়াৰ সংসদ সদস্য আৰু অন্যান্যৰ বিৰুদ্ধে গোচৰৰ তদন্ত কৰিব লাগে ।

চিবিআইৰ তদন্তৰ সময়ত তথ্য ৰেকৰ্ডত আহিছিল যে, 1984 চনৰ 1 নৱেম্বৰত দিল্লীৰ আজাদ মাৰ্কেটৰ গুৰুদ্বাৰা পুল বঙাছত গোট খোৱা গোটটোক উক্ত অভিযুক্তই উচটনি দিয়া, প্ৰৰোচিত কৰা বুলি অভিযোগ উঠিছিল যাৰ ফলত গুৰুদ্বাৰা পুল বংগাছ জ্বলাই হত্যা কৰা হৈছিল তিনিজনক ৷ লগতে, দোকান জ্বলোৱা আৰু লুটপাত চলোৱাৰো অভিযোগ উত্থাপিত হৈছিল ৷

লগতে পঢ়ক:Chhattisgarh Election 2023: ছত্তিশগড়ত বিজেপি চৰকাৰ গঠনৰ দাবী অসমৰ বিধায়ক ভাস্কৰ শৰ্মাৰ

Last Updated : Aug 30, 2023, 8:41 AM IST

ABOUT THE AUTHOR

...view details