নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ :চিবিআইয়ে দিল্লীৰ সুৰা কেলেংকাৰী গোচৰ সন্দৰ্ভত দুগৰাকী চৰকাৰী কৰ্মচাৰীকে ধৰি ৭ গৰাকী অভিযুক্তৰ বিৰুদ্ধে চিবিআই আদালতত অভিযোগনামা দাখিল কৰিছে (CBI files charge sheet in Delhi Excise Policy scam case) । এই অভিযোগনামাত বিজয় নায়াৰ, অভিষেক বইনপল্লী, সমীৰ মহেন্দ্ৰু, অৰুণ ৰামচন্দ্ৰ পিল্লাই, মুথু গৌতম, আবকাৰী বিভাগৰ উপায়ুক্ত কুলদীপ সিং আৰু আবকাৰী বিভাগৰ সহকাৰী আয়ুক্ত নৰেন্দ্ৰ সিঙৰ নাম অন্তৰ্ভুক্ত আছে । কিন্তু লক্ষণীয়ভাৱে বিতৰ্কত থকা উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ নাম ইয়াত উল্লেখ নাই (Charge sheet in Delhi Excise Policy scam case) ।
CBIয়ে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰা ৭, ৭A আৰু ৮ ৰ অধীনত ১০,০০০ পৃষ্ঠাতকৈও অধিক পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে আৰু লগতে অপৰাধমূলক ষড়যন্ত্ৰৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি ধাৰাও দাখিল কৰিছে । বিশেষ ন্যায়াধীশ এম কে নাগপালে গোচৰটোৰ শুনানি গ্ৰহণ কৰি আছে । শুকুৰবাৰে দুপৰীয়া ২ বজাত আৰম্ভ হোৱা শুনানিত আদালতে বিষয়টো ৩০ নৱেম্বৰত পুনৰ শুনানিৰ ঘোষণা কৰে । আদালতে উক্ত দিনা অভিযোগনামাখন বিবেচনা কৰাৰ সম্ভাৱনা আছে । ইয়াৰ পাছত, অভিযুক্তৰ বিৰুদ্ধেও অভিযোগ উত্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ।
CBIয়ে আদালতক কোৱা মতে অৰুণ ৰামচন্দ্ৰ পিল্লাই বিজয় নায়াৰৰ জৰিয়তে অভিযুক্ত কৰ্মচাৰীক দিবলৈ মহেন্দ্ৰুৰ পৰা অযথা অৰ্থনৈতিক সুবিধা সংগ্ৰহ কৰিছিল । অৰ্জুন পাণ্ডেয়ে এবাৰ নায়াৰৰ হৈ মহেন্দ্ৰুৰ পৰা প্ৰায় ২-৪ কোটি টকাৰ বৃহৎ নগদ ধন লৈছিল ।
ইফালে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই বিষয়ত টুইট কৰি তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Delhi CM on CBI charge sheet)। তেওঁ কয় যে মনীষৰ নাম চিবিআইৰ অভিযোগনামাত নাই, কিয়নো এই গোটেই গোচৰটো ভুৱা । তদন্তত একো পোৱা নগ'ল ।