নেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰী:দেওবাৰে দিল্লী সুৰা কেলেংকাৰীৰ (Delhi liquor scam case) গোচৰত উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াক (Delhi Deputy Chief Minister Manish Sisodia )গ্ৰেপ্তাৰ কৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)য়ে ৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই আজি পুৱাৰে পৰা পূৰ্বৰ আবকাৰী নীতিৰ গোচৰ সন্দৰ্ভত উপ-মুখ্যমন্ত্ৰীগৰাকীক আঠ ঘণ্টাধৰি জেৰা চলাইছিল (CBI arrested Manish Sisodia) ৷
ইফালে চিছোদিয়াই চিবিআইৰ কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে মাতৃৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি ৰাজঘাটত উপস্থিত হৈছিলহি ৷ এই সময়ছোৱাত চিছোদিয়াৰ লগত সাংসদ সঞ্জয় সিং আৰু দলৰ আন নেতাসকলো উপস্থিত আছিল ৷ তাৰ পিচতে তেওঁ দলীয় কৰ্মীসকলক সম্বোধন কৰি কয় যে মই আগন্তুক 7-8 মাহ কাৰাগাৰত থাকিব লগা হ’ব পাৰে । মই "মিছা অভিযোগ"ৰ বাবে কাৰাগাৰলৈ যাবলৈ ভয় নকৰো । মোক গ্ৰেপ্তাৰ কৰিবলৈ ভিত্তিহীন অভিযোগ জাপি দিয়া হৈছে ।
তেওঁ আৰু কয় যে, কেজৰিৱালজী, আপুনি দিল্লীৰ উন্নয়নৰ বাবে কাম কৰি যাব । আজিৰ সময়ত নৰেন্দ্ৰ মোডীয়ে ৰাহুল গান্ধীক ভয় নকৰে, কিন্তু অৰবিন্দ কেজৰিৱালক ভয় কৰে । মই আজি চি বি আইৰ কাৰ্যালয়লৈ গৈ আছো, মোৰ সৈতে লাখ লাখ শিশুৰ মৰম আৰু কোটি কোটি দেশবাসীৰ আশীৰ্বাদ আছে ।
লগতে চিছোদিয়াই কয় যে মই সততা আৰু নিষ্ঠাৰে কাম কৰিছো যাৰবাবে আপোনালোকে ইমান মৰম কৰি আহিছে ৷ মোৰ পত্নীয়ে মোৰ সকলো উত্থান-পতনৰ সময়ত সদায় মোক সমৰ্থন কৰি আহিছে । আজি তেওঁলোকে মোক কাৰাগাৰলৈ পঠিওৱা হৈছে ৷ এতিয়া মোৰ পৰিয়াল অকলে থাকিব লাগিব । মোৰ পত্নী অসুস্থ আৰু মোৰ পুত্ৰও অধ্যয়ন কৰি আছে । এতিয়া আপোনালোকে মোৰ পৰিয়ালৰ যত্ন ল’ব লাগিব ৷