নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল :দিল্লীৰ নতুন আবকাৰী নীতি কেলেংকাৰীক লৈ চিবিআই আৰু ইডিৰ পৃথক গোচৰত আদালতত শুনানি চলি আছে । বৃহস্পতিবাৰে চিবিআইৰ গোচৰত আদালতত দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ জামিন আবেদনক লৈ শুনানি গ্ৰহণ কৰা হয় (Sisodia bail plea hearing)। চিবিআইয়ে চিছোদিয়াৰ জামিন আবেদনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত যুক্তি উত্থাপন কৰে ।
চিবিআইৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল (এএছজি) এছ ভি ৰাজুৱে কথিত কেলেংকাৰীটোত চিছোদিয়াৰ ভূমিকাৰ বিষয়ে কেইবাটাও প্ৰমাণ উত্থাপন কৰে । চিবিআইয়ে আদালতক কয় যে জেৰাৰ সময়ত সাক্ষীসকলে ২০২১-২২ বৰ্ষৰ বাবে দিল্লী চৰকাৰৰ আবকাৰী নীতিত (Delhi Liquor Scam) হেৰফেৰ কৰাৰ ক্ষেত্ৰত চিছোদিয়াৰ ভূমিকা স্পষ্টভাৱে নিশ্চিত কৰিছে ।
ন্যায়াধীশ দিনেশ কুমাৰ শৰ্মাৰ সন্মুখত চিবিআইয়ে অভিযোগ কৰিছে যে এই নীতি প্ৰস্তুত কৰিবলৈ লোৱা জনমতো ভুৱা আছিল । ছলিচিটৰ জেনেৰেল ৰাজুৱে কয় যে এই নীতিসম্পৰ্কে বিশেষ সমিতিৰ (ৰবি ধাৱানৰ প্ৰতিবেদন) প্ৰতিবেদন উপেক্ষা কৰা হৈছিল । ইয়াৰ বাবে, আঁচনিখনৰ ৰাজহুৱা গ্ৰহণযোগ্যতা দেখুৱাবলৈ ভুৱা ই-মেইলৰ দ্বাৰা জনমত প্ৰভাৱিত কৰা হৈছিল ।