নেশ্যনেল ডেক্স, 2 এপ্ৰিল: যোৱা বিত্তীয় বৰ্ষত, কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ড চমুকৈ চি.বি.ডি.টি. য়ে ২.৩৮ কোটিতকৈ অধিক কৰদাতাক ২.৬২ লাখ কোটি টকাতকৈও অধিক কৰ ঘূৰাই দিছে, বিত্ত মন্ত্ৰালয়ে বৃহস্পতিবাৰে এইদৰে কয় । আয়কৰ বিভাগে ২০১৯-২০ বৰ্ষত জাৰি কৰা ১.৮৩ লাখ কোটিতকৈ অধিক কৰ ৰিফাণ্ডতকৈ এই বেলিৰ কৰ ৰিফাণ্ডৰ পৰিমাণ ৪৩.২% অধিক ।
বিত্ত মন্ত্ৰালয়ে কৈছিল যে, বিশ্বব্যাপী ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুর্ভাৱৰ বাবে যোৱা বিত্তীয় বৰ্ষটো অত্য়ন্ত প্ৰত্যাহ্বানজনক আছিল আৰু কৰদাতাসকলক তাৎক্ষণিক সকাহ দিয়াৰ বাবেই, বেছিভাগ ক্ষেত্ৰতেই কৰ ৰিফাণ্ড জাৰী কৰা হৈছে । শেহতীয়া চৰকাৰী তথ্য অনুসৰি, কৰ্প’ৰেট কৰদাতাসকলকেই বেছিভাগ ৰিফাণ্ড জাৰি কৰিছে । ৩.৪৬ লাখৰো অধিক কৰ্প’ৰেট কৰদাতাই ১.৭৪ লাখ কোটি টকাতকৈ অধিক কৰ ৰিফাণ্ড লাভ কৰিছে যি মুঠ কৰ পৰিশোধৰ পৰিমাণৰ দুই-তৃতীয়াংশতকৈ অধিক ।