নেচনেল ডেস্ক, 9 এপ্ৰিল :এটা চাৰি মহীয়া মেকুৰীৰ মৃত্যুকলৈ এতিয়া ব্যাপক চৰ্চা চলিছে পুনেত (Cat murder case)৷ উল্লেখিত মেকুৰীটোৰ হঠাৎ মৃত্যু হোৱাত মৰণোত্তৰ পৰীক্ষা কৰিছিল মেকুৰীৰ গৰাকীয়ে । পিছে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে আচৰিত কৰি তুলিছিল সকলোকে ৷ প্ৰতিবেদন অনুসৰি, মৃত মেকুৰীটোৰ মূৰত গধুৰ বস্তুৰ দ্বাৰা আঘাত হোৱাৰ কথা প্ৰকাশ পাইছিল ৷ ইয়াৰ পিছত গৰাকীয়ে এই ঘটনাৰ সৈতে চুবুৰীয়া এগাৰাকী মহিলা জড়িত হোৱাৰ অভিযোগ কৰিছিল ৷
এই অনুসৰি, 2 এপ্ৰিলত নীলকান্ত শিৰ্কে নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে Animal Cruelty Act ৰ আইনৰ অধীনত ৰুজু হ’ল গোচৰ (Case filed for cat murder) ৷ উল্লেখ্য যে, গুড়িপৰ্বাৰ দিনা মেকুৰীটোৰ গৰাকী গৃহিনীগৰাকীয়ে, ঘৰৰ বাহিৰত ৰংগোলী সজাই থকাৰ সময়তে, খোলা দুৱাৰৰ মাজেৰে সুবিধা পাই বাহিৰলৈ ওলাই আহিছিল মেকুৰীটো ৷ ইয়াৰ পিছতে সি পোনে পোনে চুবুৰীয়াৰ ঘৰলৈ গ'ল ।