নেশ্যনেল ডেস্ক, 24 ফেব্ৰুৱাৰী :উত্তৰ প্ৰদেশৰ চতুৰ্থ পৰ্যায়ৰ বিধানসভা নিৰ্বাচন (UP Election 2022) অনুষ্ঠিত হোৱাৰ সময়তে মুখ্য নিৰ্বাচনী বিষয়া অজয় কুমাৰ শুক্লা (Uttar Pradesh Chief Electoral Officer Ajay Kumar Shukla) ই এক বিস্ফোৰক ভাষ্য প্ৰকাশ কৰিছে ৷ শুক্লাই বুধবাৰে সদৰী কৰা অনুসৰি, 9 খন জিলাত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ পূৰ্বে জব্দ কৰা হৈছে প্ৰায় 6.85 কোটিৰ নগদ ধন (Cash over Rs 6 crore seized in fourth phase seats in UP election) ৰ লগতে 3.76 লাখ লিটাৰ সুৰা ৷
মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে এখন সংবাদমেলত সদৰী কৰে এই কথা ৷ তেওঁ লগতে কয় যে, নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ 503 টা ঘটনা ইতিমধ্যে সংঘটিত (503 incidences of poll-code violation were noted) হৈছে আৰু ইয়াৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে । উল্লেখ্য যে, বৰ্তমানলৈকে ৰাজ্যখনৰ 52,512 গৰাকী ভোটাৰে ডাকযোগে বেলটৰ জৰিয়তে ভোটদান কৰে ।
উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ 59 টা সমষ্টিত 624 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ ইয়াৰ ভিতৰত 91 গৰাকী মহিলা প্ৰাৰ্থী ৷ মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, এই নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ লগতে ভোটদানৰ সময়ত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাছিল ৷