নেশ্যনেল ডেস্ক,৮ ডিচেম্বৰ : তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক লোকসভাত ধনৰ বিনিময়ত প্ৰশ্ন কৰাৰ বাবে বহিষ্কাৰৰ পৰামৰ্শ দিয়া সংসদৰ নৈতিকতা সমিতিৰ প্ৰতিবেদন শুকুৰবাৰে নিম্ন সদনত উত্থাপন কৰাৰ সম্ভাৱনা আছে । সংসদৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে । প্ৰতিবেদনখন পূৰ্বে ৪ ডিচেম্বৰত লোকসভাত তালিকাভুক্ত কৰা হৈছিল । একাংশ বিৰোধী সদস্যই জোৰ দিছিল যে মহুৱা মৈত্ৰৰ বহিষ্কাৰৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে সমিতিৰ পৰামৰ্শসমূহ সদনত বিতংভাৱে আলোচনা কৰিব লাগে ।
বহুজন সমাজ পাৰ্টিৰ (বিএছপি) সাংসদ দানিশ আলীয়ে বৃহস্পতিবাৰে সাংবাদিকক এই সন্দৰ্ভত কয় যে যদি প্ৰতিবেদন দাখিল কৰা হয় তেওঁলোকে এক বিতং আলোচনাৰ ওপৰত জোৰ দিব । বিজেপি সাংসদ বিনোদ কুমাৰ সোনকাৰৰ নেতৃত্বত নৈতিকতা সমিতিয়ে ৯ নৱেম্বৰত এখন সভাত ধনৰ বিনিময়ত সদনত প্ৰশ্ন কৰাৰ অভিযোগত মৈত্ৰক লোকসভাৰ পৰা বহিষ্কাৰ কৰাৰ পৰামৰ্শ দিয়া প্ৰতিবেদনখন গ্ৰহণ কৰিছিল ।