অসম

assam

ETV Bharat / bharat

মণিপুৰত গো হত্যাকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ - পেটা ইণ্ডিয়া

মনিপুৰৰ উখৰুল জিলাত এজন লোকৰ বিৰুদ্ধে গৰুক গুলীয়াই হত্যা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ "পেটা" নামৰ সংস্থাটোৱে ঘটনা সন্দৰ্ভত উখৰুল জিলাৰ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰি লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ পত্ৰ প্ৰেৰণ কৰি অনুৰোধ জনোৱাৰ পাছতে পোহৰলৈ আহে এই ঘটনা ৷

case-registered-against-man-for-shooting-and-killing-cow-in-manipur
মণিপুৰত গো হত্যাকাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

By

Published : Feb 3, 2021, 2:28 PM IST

নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰী :মনিপুৰৰ উখৰুল জিলাত এজন লোকৰ বিৰুদ্ধে গৰুক গুলীয়াই হত্যা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ "পেটা" নামৰ সংস্থাটোৱে ঘটনা সন্দৰ্ভত উখৰুল জিলাৰ আৰক্ষী অধীক্ষকক লিখিত অভিযোগ দাখিল কৰি লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ পত্ৰ প্ৰেৰণ কৰি অনুৰোধ জনোৱাৰ পাছতে পোহৰলৈ আহে এই ঘটনা ৷

ইতিমধ্যে আৰক্ষীয়ে লোকজনৰ বিৰুদ্ধে পিচিএ আইনৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৪২৯,পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ ৰ ধাৰা ১১(১)(ক) আৰু (এল), অস্ত্ৰ আইন, ১৯৫৯ৰ ২৫(১চি) ধাৰাত গোচৰ ৰুজু কৰিছে ৷ উক্ত গোচৰৰ ভিত্তিত ইতিমধ্যে উখৰুল আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ঘটনাৰ তদন্তও আৰম্ভ কৰিছে ৷

ইপিনে,গো হত্য়াৰ সমগ্ৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ আনহাতে,মণিপুৰ আৰক্ষীৰ প্ৰচেষ্টাক প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰি পেটা ইণ্ডিয়াৰ শীৰ্ষ বিষয়া মীট অশৰে কয় যে,জীৱ-জন্তুৰ সৈতে বৰ্তমান সমাজত যিধৰণৰ ঘটনা সংঘটিত হৈছে সেইয়া অকল্পনীয় ৷ সেইয়ে জন্তুৰ প্ৰতি কৰা এনে নিষ্ঠুৰতাৰ ঘটনা বোৰ জনসাধাৰণক অৱগত কৰাটো আৱশ্যক ৷

লগতে পঢ়কঃৰঙিয়াৰ উজ্জ্বল ডেকালৈ 'কাব্যশ্ৰী' উপাধি

ABOUT THE AUTHOR

...view details