অসম

assam

ETV Bharat / bharat

Telangana Election Affidavit Case : তেলেংগানাৰ মন্ত্ৰীৰ লগতে নিৰ্বাচন আয়োগৰ বিষয়াৰ বিৰুদ্ধে গোচৰ - Case against BRS Minister Srinivas Goud

মন্ত্ৰীজনৰ লগতে ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত (চিইচি) ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়োগৰ তদানীন্তন সচিব সঞ্জয় কুমাৰ, ২০১৮ চনৰ নিৰ্বাচনৰ সময়ত বিভিন্ন পদত সেৱা আগবঢ়োৱা বিষয়া শশাংক গোৱেল, ৰোনাল্ডৰাছ, জে শ্ৰীনিবাস, কে ভেঙ্কটেশ গৌড়, এ পদ্মশ্ৰী, এছ ভেংকট ৰাও, অধিবক্তা ৰাজেন্দ্ৰ প্ৰসাদ, বিশ্ৰান্তৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে ।

Telangana Election Affidavit Case
Telangana Election Affidavit Case

By

Published : Aug 12, 2023, 12:34 PM IST

নিউজ ডেস্ক, ১২ আগষ্ট : মহবুবনগৰ ছেকেণ্ড টাউন আৰক্ষীয়ে তেলেংগানাৰ আবকাৰী মন্ত্ৰী শ্ৰীনিবাস গৌড়ৰ লগতে ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । তেওঁলোকৰ উপৰি ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিষয়া, কেইবাজনো আইএএছ আৰু ৰাজহ বিষয়াৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে । নিৰ্বাচনী শপতনামা টেম্পাৰিং গোচৰত মুঠ ২১ টা ধাৰাত এই গোচৰ ৰুজু কৰা হৈছে । এক নাটকীয় ঘটনাক্ৰমৰ মাজতে এই গোচৰটো পঞ্জীয়ন কৰা হৈছে । কিয়নো নামপল্লী পিপ'লছ ৰিপ্ৰেজেণ্টেটিভ আদালতে শুকুৰবাৰে পূৰ্বৰ নিৰ্দেশ সত্ত্বেও গোচৰটো পঞ্জীয়ন কৰাত বিলম্ব হোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছিল ।

আৰক্ষীয়ে ২৪১/২০২৩ নম্বৰত এখন এজাহাৰ দাখিল কৰে । উল্লেখ্য যে আদালতে নিৰ্দেশ দিয়া বিষয়টো শুকুৰবাৰে আবেলি পোহৰলৈ আহে । অৱশ্যে আৰক্ষীয়ে এজাহাৰখনত কৈছে যে গোচৰটো শুকুৰবাৰে পুৱা ৯ বজাত পঞ্জীয়ন কৰা হৈছে । মন্ত্ৰীজনৰ লগতে ভাৰতৰ নিৰ্বাচন আয়োগৰ মুখ্য আয়ুক্ত (চিইচি) ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়োগৰ তদানীন্তন সচিব সঞ্জয় কুমাৰ, ২০১৮ চনৰ নিৰ্বাচনৰ সময়ত বিভিন্ন পদত সেৱা আগবঢ়োৱা বিষয়া শশাংক গোৱেল, ৰোনাল্ডৰাছ, জে শ্ৰীনিবাস, কে ভেঙ্কটেশ গৌড়, এ পদ্মশ্ৰী, এছ ভেংকট ৰাও, অধিবক্তা ৰাজেন্দ্ৰ প্ৰসাদ, বিশ্ৰান্ত আৰু চৰকাৰী কৰ্মচাৰী ডি সুধাকৰৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে ।

জানিব পৰা মতে, মহবুবনগৰৰ ৰাঘৱেন্দ্ৰ ৰাজুৱে নামপল্লীৰ পিপ'লছ ৰিপ্ৰেজেণ্টেটিভ আদালতত এখন ব্যক্তিগত আবেদন দাখিল কৰিছে । তাত মন্ত্ৰী শ্ৰীনিবাস গৌড় নিৰ্বাচনী শপতনামা খেলিমেলি কৰাত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে । ৩১ জুলাইত আদালতে মহবুবনগৰৰ ছেকেণ্ড টাউন আৰক্ষী থানাৰ এছএইচঅ'ক মন্ত্ৰী আৰু বিষয়াসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ আৰু তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল । যদিও এই নিৰ্দেশটো এসপ্তাহমানৰ ভিতৰত গৈ আৰক্ষীৰ ওচৰ পাইছিল, কিন্তু আৰক্ষীয়ে এই গোচৰটোৰ সৈতে এজন মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়া জড়িত থকাত গোচৰ ৰুজু কৰিবলৈ সংকোচবোধ কৰিছিল ।

যাৰ ফলত আবেদনকাৰী ৰাঘৱেন্দ্ৰ ৰাজুৱে পুনৰবাৰ পিপ'লছ আদালতৰ কাষ চাপে আৰু দাবী কৰে যে গোচৰটো পঞ্জীয়ন কৰা হোৱা নাই । শুকুৰবাৰে আদালতে ইয়াত বিলম্ব হোৱাৰ বাবে খং প্ৰকাশ কৰে । আনহাতে, আবেলি ৪ বজাৰ পূৰ্বে গোচৰটো পঞ্জীয়ন কৰা হৈছেনে নাই সেয়া জনাবলৈ নিৰ্দেশ জাৰি কৰে । লগতে এইটোও কয় যে যদি গোচৰ পঞ্জীয়ন কৰা নহয়, তেন্তে ইয়াক আদালত অৱমাননাৰ অপৰাধ হিচাপে গণ্য কৰা হ'ব । এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে শুকুৰবাৰে পুৱা ৯ বজাত এজাহাৰখন পঞ্জীয়ন কৰা হয় ।

লগতে পঢ়ক :Plea Against Opposition Parties : INDIA বিতৰ্ক; ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

ABOUT THE AUTHOR

...view details