নেশ্যনেল ডেস্ক, ১৩ জানুৱাৰী :সমগ্ৰ দেশতে ক'ভিডৰ সংক্ৰমণ অব্যাহত আছে (Covid cases in India) । কিছুমান ৰাজ্যত ক'ভিড ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি হৈছে । যাৰ বাবে বিভিন্ন ৰাজ্যত ক'ভিডৰ ক্ষেত্ৰত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে । এইক্ষেত্ৰত ব্যতিক্ৰম নহয় উত্তৰাখণ্ড চৰকাৰ ।
ৰাজ্যখনতো ক'ভিডক লৈ বিভিন্ন কঠোৰ নিয়ম জাৰি কৰা হৈছে । কিন্তু তাৰমাজতে বিজেপি নেতাই ভংগ কৰিলে ক'ভিড বিধি । দেশবাসীয়ে ক'ভিডক লৈ শংকিত হৈ থকাৰ মাজতে জন্মদিন উদযাপনত ব্যস্ত বিজেপি নেতাগৰাকী । নেতাগৰাকী হৈছে উন্নাও সমষ্টিৰ বিতৰ্কিত সাংসদ সাক্ষী মহাৰাজ ।
জন্মদিন উদযাপনৰ নামত ক'ভিড বিধি উলংঘনৰ অভিযোগ উঠিছে সাংসদগৰাকীৰ বিৰুদ্ধে (MP Sakshi Maharaj violates covid rules) । শাসকীয় দলৰে এগৰাকী সাংসদে ক'ভিড বিধি উলংঘন কৰাকলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।