নিউজ ডেস্ক,১৫ জানুৱাৰী:আহি থকা নিৰ্বাচনকলৈ পশ্চিমবংগৰ ৰাজনীতি গৰম হৈ থকাৰ মাজতে মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু । ধৰ্মীয় অনুভূতিত আঘাট কৰাৰ অপৰাধত মুখ্য়মন্ত্ৰী গৰাকীৰ লগতে তৃণমুল কংগ্ৰেছৰ সাংসদ কল্য়াণ বেনাৰ্জীৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল এগৰাকী অধিবক্তা । বিহাৰৰ ঠাকুৰ চন্দন সিঙ নামৰ অধিবক্তা এজনে সীতামৰ্হিৰ আদালতত গোচৰ ৰুজু কৰে ।
মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে আদালতত গোচৰ - মমতা বেনাৰ্জীৰ বিৰুদ্ধে আদালতত গোচৰ
নিৰ্বাচনক লৈ পশ্চিমবংগৰ ৰাজনীতি গৰম হৈ থকাৰ মাজতে মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জী আৰু সাংসদ কল্য়াণ বেনাৰ্জীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু এজন অধিবক্তাৰ । ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অপৰাধত মুখ্য়মন্ত্ৰী গৰাকীৰ লগতে তৃণমুল কংগ্ৰেছৰ সাংসদ গৰাকীৰ বিৰুদ্ধে আদালতৰ কাষ চাপিল অধিবক্তাজন ।

মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে আদালতত গোচৰ
উল্লেখ যে ভাৰতীয় দণ্ড বিধিৰ অধীনৰ ২৯৫(এ) আৰু ১২০(বি) ধাৰাত ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ অপৰাধত গোচৰ দিয়ে অধিবক্তাগৰাকীয়ে । হিন্দু ধৰ্মৰ অন্য়তম ভগৱান ৰাম আৰু সীতা সন্দৰ্ভত কৰা মন্তব্য়ৰ বাবেই এই গোচৰ দিয়ে অধিবক্তা ঠাকুৰ চন্দন সিঙে । লগতে সিঙে কয় নিৰ্বাচনৰ প্ৰাকক্ষণত একাংশ মুছলমান ভোটাৰক আকৰ্ষণ কৰিবলৈ এইধৰণৰ মন্তব্য় কৰা হৈছে যিটোৱে হিন্দু ধৰ্মৰ লোকৰ মনক আঘাট কৰিছে ।
লগতে পঢ়ক :ভাৰতীয় সেনাৰ ধৈৰ্যৰ পৰীক্ষা লোৱা উচিত নহয় : সেনাধ্য়ক্ষ