নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ: ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য নৰসিংহানন্দ সৰস্বতীৰ ৷ গাজিয়াবাদৰ দাসনা দেৱী মন্দিৰৰ মহন্ত নৰসিংহানন্দ সৰস্বতীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সন্দৰ্ভত নৰসিংহানন্দ সৰস্বতীয়ে কৰা আপত্তিজনক মন্তব্য সামাজিক মাধ্যত ভাইৰেল হৈছে ৷ সেই বিতৰ্কিত মন্তব্যৰ বাবে আৰক্ষীয়ে ৰুজো কৰিছে গোচৰ ৷
7 ছেপ্টেম্বৰ নিশাৰ পৰা X ত 16 ছেকেণ্ডৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ৷ য’ত গাজিয়াবাদৰ দাসনা দেৱী মন্দিৰৰ মহন্ত নৰসিংহানন্দ সৰস্বতীয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ সন্দৰ্ভত অশালীন মন্তব্য কৰা দেখা গৈছে ৷ সেয়ে মহন্ত নৰসিংহানন্দ সৰস্বতীৰ উক্ত মন্তব্যৰ বাবে তথ্য প্ৰযুক্তি আইনৰ ধাৰা 295এ, 505(1)(গ) আৰু 67 ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ৷ এই কথা জানিবলৈ দিছে আৰক্ষীয়ে ৷ কাৰণ তেওঁ এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে ধৰ্মীয় অনুভূতি আঘাত দিয়া শব্দ ব্যৱহাৰ কৰিছে ৷