নেশ্যনেল ডেস্ক, 25 ডিচেম্বৰ: আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ বৰদিন উৎসৱ (conversion in Uttarkashi ) ৷ উত্তৰকাশীত বৰদিনত গণ ধৰ্মান্তৰকৰণক লৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় (Uproar over mass conversion)৷ এই ঘটনা সংঘটিত হৈছে উত্তৰ কাশীৰ পুৰোলা অঞ্চলত ৷
ঘটনা অনুসৰি শুকুৰবাৰে পুৰোলাৰ কাষৰ দেৱধুং অঞ্চলত এটা খ্ৰীষ্টান মিছনেৰীসকলৰ এনজিঅ’ নতুনকৈ নিৰ্মাণ কৰা হৈছিল (Christian missionaries for accused of conversion) ৷ ইয়াৰ পিছতেই এনজিঅ'টোৰ নৱনিৰ্মিত ভৱনৰ বাহিৰত এক গণ ধৰ্মান্তকৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল (Mass conversion to Christian)৷ এই অনুষ্ঠানটোত নেপালী মূলৰ লোক আৰু স্থানীয় লোকসকলৰ সৈতে এজন ইজৰাইলী মিছনাৰী লোকো উপস্থিত আছিল ৷
এই ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে গাঁওবাসী আৰু হিন্দু সংগঠনৰ (Hindu organizations) লোকসকল ঘটনাস্থলীত উপস্থিত হয় ৷ উত্তেজিত লোকসকলে মিছনাৰীসকলৰ বিৰুদ্ধে ধৰ্মান্তৰকৰণৰ অভিযোগ উত্থাপন কৰে (fir filed against people of Christian missionaries ) ৷
আনকি এই বিতৰ্কই ইমানেই ভয়ংকৰ ৰূপ লৈছিল যে লোকসকলে চহৰখনত এক বিশাল শোভাযাত্ৰা উলিয়াই কুমোলা তিৰাহাৰ পথ অৱৰোধ কৰি চকা বন্ধৰ ঘোষণা কৰে ৷ লগতে মুছলমান সম্প্ৰদায়লৈ ধৰ্মান্তৰ কৰা মিছনেৰীসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছিল (Conversion to christian religion)৷
বিশ্ব হিন্দু পৰিষদেও (Vishwa Hindu Parishad)(ভিএইচপি) এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে ৷ অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে উত্তৰাখণ্ড ধৰ্মৰ স্বাধীনতা আইন 2018 ৰ অধীনত খ্ৰীষ্টান মিছনেৰীৰ কিছু লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে, যাৰ ভিতৰত এজন মিছনেৰীৰ নামো উল্লেখিত আছে । শনিবাৰে নিশা বিজেপিকে ধৰি বিভিন্ন হিন্দু সংগঠনৰ নেতাসকলে এক শোভাযাত্ৰা উলিয়াই ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আৰু মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে ।