উজ্জয়িনী, 9 এপ্ৰিলঃ এটা হাইপ্ৰফাইল চোৰ ৷ কৰ্মস্থানলৈ অহা-যোৱা কৰে বিমানেৰে ৷ জিৰণি লয় পঞ্চতাৰকা হোটেলত (Luxurious habits of a thief) ৷ চোৰৰ বিলাসিতাত চকু কপালত উঠিছে আৰক্ষীৰো ৷ দুমাহ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই হাইটেক গাড়ী চোৰটোক ৷ চিচিটিভিৰ ফুটেজ আৰু আন বহু প্ৰমাণৰ ভিত্তিত চিনাক্ত কৰা চোৰটোৱে জেৰাত স্বীকাৰ কৰা জীৱন বুৰঞ্জী শুনি আচৰিত হৈ পৰিল আৰক্ষী ৷
এসময়ত এটা কাৰ ৱাছ চেন্টাৰত কাম কৰিছিল আজিৰ একক আৰু অনন্য চোৰটোৱে ৷ প্ৰত্যক দিনাই গাড়ী পৰিস্কাৰ কৰোঁতে কৰোঁতে গাড়ীৰ প্ৰতি মোহ বাঢ়িল উচ্চাকাংক্ষী যুৱকজনৰ ৷ ফলত পদবী সলনি কৰি হৈ পৰিল চোৰ ৷ নিষ্ঠাৰ বলত আৰু নিজৰ পেচাটোৰ প্ৰতি থকা টানৰ ফলত ইখনৰ পিছত সিখনকৈ এতিয়ালৈকে বহু বিলাসী গাড়ী চুৰি কৰিবলৈ সক্ষম হৈছে চোৰটোৱে ৷
অতি সতৰ্কতাৰে কৰ্তব্য সম্পাদনা কৰি অহাৰ পিছতো চোৰটোৰ বেয়া দিনৰ আৰম্ভনি হ’ল যোৱা 9 ফেব্ৰুৱাৰীত ৷ দিনেশ খাণ্ডেলৱাল নামৰ এজন লোকৰ বেলেনো গাড়ীখনেই বেয়া দিন লৈ আনিলে শ্বেৰ সিং ৰাণা ওৰফে শ্বেৰা নামৰ চোৰটোৰ জীৱনলৈ ৷
এই বিশেষ গাড়ীখনত চলোৱা অপাৰেশ্যনৰ সমগ্ৰ দৃশ্য বন্দী হ’ল চিচিটিভি কেমেৰাত ৷ ফলত শ্বেৰাৰ বিৰুদ্ধে মধ্যপ্ৰদেশৰ নানাখেদা আৰক্ষী থানাত ৰুজু কৰা হ’ল গোচৰ । চোৰৰ সন্ধানত আৰক্ষীয়ে ৰাজস্থানৰ ভৰতপুৰ পৰ্যন্ত চলালে অভিযান ৷ কিন্তু বিফল হ’ল আৰক্ষী, সফল শ্বেৰা চোৰ ৷ চোৰ শ্বেৰাক সাক্ষাৎ কৰাৰ পৰা বঞ্চিত হ’ল আৰক্ষী ৷