অসম

assam

ETV Bharat / bharat

Car Runs Over Sleeping Girl Children : পাৰ্কিঙত শুই থকা ৩ বছৰীয়া শিশুৰ ওপৰেৰে চলিল গাড়ী ! - Car runs over girl sleeping in parking

শিশুটিৰ মাতৃয়ে তেওঁক শুৱাই দি কাপোৰ এখনেৰে ঢাকি দিছিল । সেয়ে কাপোৰৰ ভিতৰত থকাৰ বাবে অভিযুক্তই তেওঁৰ গাড়ীখন পাৰ্কিং কৰি থকাৰ সময়ত শিশুটো দেখা নাছিল (Car runs over girl sleeping in parking) ।

Car Runs Over Sleeping Girl Children
Car Runs Over Sleeping Girl Children

By

Published : May 25, 2023, 9:10 PM IST

নিউজ ডেস্ক, ২৫ মে' :হায়দৰাবাদৰ হায়াৎনগৰৰ প্ৰবক্তা কল'নীত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা (accident in parking lot in Hyderabad) । এপাৰ্টমেণ্টৰ পাৰ্কিং এলেকাত এখন গাড়ীৰ চেঁপাত এগৰাকী তিনি বছৰীয়া কন্যাশিশুৰ মৃত্যু হয় (Car Runs Over Sleeping Girl Children) । দুৰ্ঘটনাটোৰ সমগ্ৰ ঘটনা চিচি টিভিত বন্দী হৈছে । সংশ্লিষ্ট ধাৰাৰ অধীনত দুৰ্ঘটনাটোৰ এটা গোচৰ ৰুজু কৰা হৈছে । আনহাতে, বিষয়টোৰ তদন্ত চলি থকা বুলি আৰক্ষীয়ে জনাইছে ।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, গাড়ীখন হৈছে এগৰাকী মহিলা আবকাৰী উপ-পৰিদৰ্শকৰ । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁৰ স্বামীয়ে গাড়ীখন চলাই আছিল (tragic accident in Hyderabad parking lot) । অভিযুক্ত হৰিৰাম কৃষ্ণাই তেওঁৰ গাড়ীখন পাৰ্কিং কৰিবলৈ চেষ্টা কৰি থাকোঁতেই দুৰ্ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

উল্লেখ্য যে গাড়ীখন পাৰ্কিং কৰিবলৈ চেষ্টা কৰি থাকোঁতেই দুৰ্ঘটনাক্ৰমে তাত শুই থকা শিশুটোৰ ওপৰত উঠে (Car runs over girl sleeping in parking) । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নিহত দুৰ্ভগীয়া শিশুটিৰ নাম হৈছে লক্ষ্মী । তেওঁৰ মাতৃ হৈছে এপাৰ্টমেণ্ট কাম কৰা এগৰাকী শ্ৰমিক । কামলৈ অহাৰ সময়ত মাতৃয়ে শিশুটিক এপাৰ্টমেণ্টটোলৈ লৈ আহিছিল (Hayathnagar Lecturers Colony parking lot accident) ।

লক্ষ্মীৰ মাতৃয়ে তেওঁক পাৰ্কিং লটত শুৱাই দি এখন কাপোৰেৰে ঢাকি দিছিল । তাৰ পিছত তেওঁ কামলৈ গুচি যায়। ইয়ালে ঘৰলৈ উভতি অহাৰ পিছত কৃষ্ণই তেওঁৰ সচৰাচৰ নিৰ্ধাৰিত স্থানত তেওঁৰ গাড়ীখন পাৰ্কিং কৰি আছিল । কিন্তু তেওঁ শুই থকা শিশুটোক স্পষ্টতকৈ দেখা নাছিল । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, তদন্তৰ সময়ত কৃষ্ণাই জনাইছে যে, যিহেতু শিশুটো কাপোৰেৰে ঢাকি থোৱা হৈছিল, সেয়ে তেওঁ শিশুটিক দেখা পোৱা নাছিল । ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত আৰম্ভ কৰা হৈছে । আৰক্ষীয়ে লগতে কয় ।

উল্লেখ্য যে, হায়দৰাবাদৰ চিত্ৰপুৰী কল'নীৰ বেছমেণ্ট পাৰ্কিং লটত দুটা শিশুক গাড়ীয়ে মহতিয়াই নিয়াৰ কিছুদিন পিছতে এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে । পূৰ্বৰ ঘটনাটোত ভুক্তভোগী শিশু দুটিয়ে আন এটা শিশুৰ সৈতে মাটিত বহি খেলি আছিল । কিন্তু শিশুকেইটি খেলত ইমানে ব্যস্ত আছিল যে তেওঁলোকে গাড়ীখন লক্ষ্য কৰা নাছিল । তেনেতে গাড়ীখনে ইউ-টাৰ্ণ লৈ শিশু দুটিৰ ওপৰেৰে গুচি যায় । অৱশ্যে তৃতীয় শিশুটোক আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । এই দুৰ্ঘটনা দুটাই এতিয়া পাৰ্কিং লটবোৰত অধিক সুৰক্ষা নিয়মৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰাই দিছে ।

লগতে পঢ়ক :New Parliament Building : উদ্বোধনী অনুষ্ঠানত কোন কেইটা দল থাকিব উপস্থিত ?

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details