নেশ্যনেল ডেস্ক,২১ জুলাই :পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিং (Amarinder Singh) আৰু নৱজ্যোৎ সিং সিদ্ধুৰ (Navjot Singh Sidhu) মাজত মতবিৰোধ চলি থকাৰ মাজতে কংগ্ৰেছৰ হাই কমাণ্ডে সিদ্ধুক প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়ে । সভাপতি হিচাপে নিযুক্তি দিয়াৰ লগে লগে দুয়োগৰাকী নেতাৰ মাজৰ সম্পৰ্ক উন্নত হ'ব নে নহয় তাক লৈ ৰাজ্যজুৰি চৰ্চা চলিছে । ইফালে সভাপতি হিচাপে নিযুক্তি পোৱাৰ লগে লগে কংগ্ৰেছৰ বহু বিধায়ক তথা শীৰ্ষ নেতাক সাক্ষাৎ কৰিছে সিদ্ধুক ৷
ইয়াৰ মাজতে অমৃতসৰত বিধায়কসকলৰ সৈতে বৈঠকৰ আহ্বান জনাইছে সিদ্ধুৱে । অমৰিন্দৰ সিঙে স্থিতি স্পষ্ট কৰি বুধবাৰে ১২ বজাত চণ্ডীগড়ত পঞ্জাৱৰ সাংসদসকলৰ সৈতে এক বৈঠকৰ আহ্বান জনাইছে । ইয়াৰ পূৰ্বে সিদ্ধুৱে কেপ্তেইনক লগ কৰাৰ সম্ভাৱনা আছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল এক প্ৰতিবেদন ৷ এই প্ৰতিবেদন পোনচাটেই অস্বীকাৰ কৰে মুখ্যমন্ত্ৰী কেপ্তেইনৰ মিডিয়া উপদেষ্টা ৰবীন থুকৰালে (Raveen Thukral) ।
থুকৰালে কৈছিল যে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত কৰা অপমানজনক মন্তব্যৰ বাবে ৰাজহুৱাভাৱে ক্ষমা নোখোজালৈকে সিদ্ধুক সাক্ষাৎ নকৰিব মুখ্যমন্ত্ৰীয়ে ।
মুখ্যমন্ত্ৰী অমৰিন্দৰ আৰু সিদ্ধুৰ মাজত বিবাদ অব্যাহত থকাৰ পাছতো মুখ্যমন্ত্ৰীগৰাকীয়ে সিদ্ধুৰ নিযুক্তিত আদৰণি জনাই হাই কমাণ্ডৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰী আৰু নৱ নিযুক্ত সভাপতিৰ মাজৰ বিৰোধক লৈ মুখ খুলিছে একাংশ বিধায়কে । সিদ্ধুক সাক্ষাৎ কৰিবলৈ আহি বিধায়ক অংগদ চাইনীয়ে কয় যে, ক্ষমা কৰা বা নকৰাটো বিষয় নহয় । ছোনিয়া গান্ধীৰ নিৰ্দেশ অনুসৰিয়ে দলে কাম কৰিব ।
যদি সিদ্ধুৱে ভুল কৰিছে, তেনেহ'লে মুখ্যমন্ত্ৰীয়ে নিশ্চিতভাৱে ক্ষমা কৰিব বুলিও তেওঁ আশাবাদী । সিদ্ধুৱে আহ্বান কৰা বৈঠকত কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে । সিদ্ধুৰ বাসগৃহত উপস্থিত হোৱা বিধায়কসকল হৈছে ইন্দ্ৰবীৰ সিং বুলাৰিয়া, পিৰমল সিং, মদনলাল জালালপুৰ, হৰজ্যোৎ কামাল, বৃন্দাৰ ধিলন, অমৃতসৰৰ মেয়ৰ ৰিণ্টু । বিধায়ক যোগিন্দৰপাল ভোয়া, পৰগত সিং, তৰচেম সিং ডিচি, কাৰ্যকৰী সভাপতি পৱন গোৱেল, শ্বেৰ সিং গুবায়া, বিধায়ক অংগদ চাইনী, কাৰ্যকৰী সভাপতি কুলজিৎ নাগ্ৰায়েও এই বৈঠকত উপস্থিত থাকে ।
ইয়াৰ পূৰ্বে সিদ্ধুৱে সোমবাৰে কেবিনেট মন্ত্ৰী ত্ৰিপত ৰজিন্দৰ সিং বাজৱাৰ সৈতে তেওঁৰ বাসগৃহত এক বৈঠকত মিলিত হয় । এই বৈঠকত ৩৫ গৰাকী বিধায়ক আৰু মন্ত্ৰী উপস্থিত আছিল । পঞ্জাৱ প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সুনীল জাখৰ, সুখৱিন্দৰ সিং ৰন্ধাৱা, সুখবিন্দৰ সিং, সুখ চৰকাৰিয়া, ৰাজিয়া চুলতানা আৰু চৰণজিৎ সিং চান্নীও উপস্থিত থাকে এই বৈঠকত ।
লগতে পঢ়ক :ৰাজহুৱাকৈ ক্ষমা নিবিচৰালৈকে নৱজ্যোত সিং সিদ্ধুক সাক্ষাৎ নকৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰীয়ে