নেশ্যনেল ডেস্ক, 21 আগষ্ট:গুজৰাট উচ্চ ন্যায়ালয়ক কঠোৰ ভাষাৰে সমালোচনা শীৰ্ষ আদালতৰ ৷ধৰ্ষিতা এগৰাকী নাৰীৰ গৰ্ভপাতৰ ক্ষেত্ৰত সোমবাৰে উচ্চতম ন্যায়ালয়ে গুজৰাট উচ্চ ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে আদেশ দিয়া বুলি সমালোচনা কৰি এয়া সাংবিধানিক দৰ্শনৰ বিৰুদ্ধে বুলি অভিহিত কৰে ৷ ন্যায়াধীশ বি ভি নাগাৰাথ্না আৰু ন্যায়াধীশ উজ্জ্বল ভূঞাৰে গঠিত বিচাৰপীঠে কয় যে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনাক ভালপোৱা নাই উচ্চতম ন্যায়ালয়ে । বিচাৰপীঠে কয়, ‘গুজৰাটৰ উচ্চ ন্যায়ালয়ত কি হৈছে? উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক ন্যায়াধীশসকলে এনেদৰে পালন নেকি ?”
ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীক উচ্চ ন্যায়ালয়ে সকাহ দিবলৈ অস্বীকাৰ কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে তেওঁৰ গৰ্ভাৱস্থা বন্ধ কৰাৰ অনুমতি দিছিল । শীৰ্ষ আদালতে কয় যে কোনো আদালতৰ কোনো ন্যায়াধীশে তেওঁলোকৰ নিৰ্দেশক ন্যায্যতা প্ৰদান কৰাৰ প্ৰয়োজন নাই ৷ লগতে গুজৰাট উচ্চতম ন্যায়ালয়ৰ আদেশক সমালোচনা কৰি ধৰ্ষিতা এগৰাকী মহিলাৰ ওপৰত অন্যায়ভাৱে চৰ্ত জাপি দি সন্তান জন্ম দিবলৈ বাধ্য কৰোৱাৰ ঘটনাক “সংবিধান বিৰোধী” বুলি আখ্যা দিয়ে ৷
গুজৰাট চৰকাৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীক মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আদালতক আহ্বান জনাইছে ৷ লগতে কিছু ভুল বুজাবুজি আছে বুলিও কয় । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক কেনেকৈ আওকাণ কৰিব পাৰে বুলি উচ্চ ন্যায়ালয়ে কয় আৰু কয় যে, “কোনো ন্যায়াধীশে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক আওকাণ কেনেকৈ কৰিব পাৰে ”? লগতে এনে আদেশ জাৰি কৰাৰ প্ৰয়োজনীয়তা কি বুলিও প্ৰশ্ন উত্থাপন কৰে ?
উচ্চ ন্যায়ালয়ৰ উক্ত ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে কোনো বিৰূপ মন্তব্য নকৰিবলৈ বিচাৰপীঠখনক অনুৰোধ জনায় মেহতাই কয় যে এনে মন্তব্যই নিৰুৎসাহিত কৰিব পাৰে । শীৰ্ষ আদায়তৰ ন্যায়াধীশগৰাকীয়ে এই মন্তব্য কোনো ব্যক্তি বিশেষৰ প্ৰতি নহয় বুলি স্পষ্ট কৰি দিয়ে ৷ ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীৰ আবেদনৰ সিদ্ধান্ত লোৱাত উচ্চ ন্যায়ালয়ে পলম কৰাক সমালোচনা কৰি উচ্চতম ন্যায়ালয়ে “মূল্যবান সময়” নষ্ট কৰিছে বুলি কয় ৷