অসম

assam

ETV Bharat / bharat

Shaheen Bagh eviction : উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে চি পি আই এমৰ আবেদন

দিল্লীৰ শ্বাহীন বাগত চলা উচ্ছেদ অভিযানক প্ৰত্যাহ্বান জনাই চি পি আই এম দলে দাখিল কৰা এখন আবেদন সোমবাৰে খাৰিজ কৰে উচ্চতম ন্যায়ালয়ে (Supreme court rejects plea filed by CPI M) ৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ নিৰ্দেশ প্ৰদান কৰিছে দলটোক ৷ সবিশেষ জানো আহক ৷

Shaheen Bagh eviction
Shaheen Bagh eviction

By

Published : May 9, 2022, 10:29 PM IST

নিউজ ডেস্ক, 9 মে’: শ্বাহীন বাগত চলি থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে চি পি আই এমে দাখিল কৰা এক আবেদন সোমবাৰে নাকচ কৰে উচ্চতম ন্যায়ালয়ে (Supreme court rejects plea against demolition in Shaheen Bagh) ৷ কোনো এটা ৰাজনৈতিক দলৰ ইচ্ছাত বেদখল উচ্ছেদৰ বাবে চলা এই অভিযানত আদালতে হস্তক্ষেপ নকৰে বুলি স্পষ্টকৈ উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে ৷

ন্যায়াধীশ এল নগেশ্বৰ ৰাও আৰু বি আৰ গাভাইৰ বিচাৰপীঠে চি পি আই এম দলক দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ নিৰ্দেশ প্ৰদান কৰে ৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে প্ৰশ্ন উত্থাপন কৰে , ''চি পি আই (এম)এ কিয় আবেদন দাখিল কৰিছে ? কি মৌলিক অধিকাৰ খৰ্ব হৈছে এই উচ্ছেদ অভিযানত ?'' বিচাৰপীঠে লগতে কয় , '' ৰাজনৈতিক দলৰ নিৰ্দেশত আবেদন গ্ৰাহ্য নহয় বা এই আদালত এক মঞ্চ নহয় ৷ তেওঁলোক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা উচিত ৷ ''

উচ্চতম ন্যায়ালয়ে কয় যে, যদি হকাৰসকলে বেদখল কৰিছে তেন্তে তেওঁঁলোকক উচ্ছেদ কৰা হ’ব ৷ এইক্ষেত্ৰত প্ৰশাসনে যদি কোনো ধৰণৰ আইন অমান্য কৰে তেন্তে আবেদনকাৰীসকল উচ্চ ন্যায়ালয়লৈ যোৱা উচিত ৷ ছ’লিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে, প্ৰকৃত তথ্য সমূহক বিকৃতভাৱে উপস্থাপন কৰা হৈছে ৷ এইয়া হৈছে দীৰ্ঘদিন ধৰি চলি থকা এক প্ৰক্ৰিয়া আৰু জাননী জাৰি কৰাৰ পাচত চলা এয়া এক নিয়মীয়া অনুশীলন ৷

ইফালে, আম আদমী পাৰ্টীৰ বিধায়ক আমানাতুল্লাহ খানে স্থানীয় উচ্ছেদকাৰীসকলৰ সৈতে উচ্ছেদ বিৰোধী প্ৰতিবাদতো যোগ দিয়ে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে স্থানীয় লোকসকলে পথ অৱৰোধ কৰি উচ্ছেদ চলাবলৈ অনা বুলড’জাৰৰ প্ৰৱেশত বাধা প্ৰদান কৰে ৷ বিধায়ক খানে কয় যে, ইতিমধ্যেই শ্বাহীন বাগৰ লোকসকলে তেওঁৰ অনুৰোধত উচ্ছেদথলীৰ পৰা আঁতৰি গৈছে ৷

লগতে পঢ়ক :ভাৰত-বাংলাদেশ সীমান্তত একেলগে 14 জন বাংলাদেশী নাগৰিক আটক

ABOUT THE AUTHOR

...view details