নেশ্যনেল ডেস্ক, 8 মাৰ্চ: বিহাৰৰ গয়াত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ গয়া জিলাৰ ‘গুলাৰ বেড গাঁৱত’ সেনাই সামৰিক অনুশীলন চলোৱাৰ সময়ত এটা গৃহত গোলা পৰি বিস্ফোৰণ হোৱাৰ ফলত 3জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকীও লোক আহত হয় (Canon bomb shell explodes in Bihar)৷ বুধবাৰে সংঘটিত হয় এই ঘটনা ৷
প্ৰাৰম্ভিক তথ্য অনুসৰি নিহত তিনিগৰাকী ব্যক্তিয়েই একেটা পৰিয়ালৰ ৷ আনহাতে এই ঘটনাত আহত হৈছে আন 6 গৰাকী লোক (Bomb exploded at Gaya of Bihar) ৷ আহত লোকসকলক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷ এই বোমা বিস্ফোৰণৰ পাছতেই সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷
পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে ৷ আনহাতে প্ৰশাসনৰ লোকো ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ বিষয়টো বুজাবুজিৰ মাজেৰে মীমাংসা কৰাৰ বাবে নিহত লোকৰ আত্মীয় সৈতে মিলিত হয় ৷
লগতে পঢ়ক:Silchar Saurashtra East West Corridor: শিলচৰ-সৌৰাষ্ট্র ইষ্ট-ৱেষ্ট ক'ৰিডৰৰ ভূমিপূজন সম্পন্ন
হোলীৰ আনন্দ-উচাহৰ মাজতে বুধবাৰে পুৱা সংঘটিত হ’ল এই ঘটনা ৷ গয়া জিলাৰ দোভি ব্লকৰ ত্ৰিলোকপুৰৰ ফায়াৰিং ৰেঞ্জত সেনাৰ অনুশীলন চলি আছিল ৷ কিন্তু দুৰ্ভাগ্যৱশত গোবিন্দ মাঁঝি নামৰ লোকজনৰ গৃহত পৰে গোলাটো ৷ যাৰবাবে কৰুণ মৃত্যু সাৱটি ল’ব লগা হ’ল তিনিগৰাকী লোকে (3 killed as canon bomb shell explodes) ৷
ঘটনাত নিহত লোক কেইজন হ’ল গোবিন্দ মাঁঝি, তেওঁৰ কন্যা কাঞ্চন আৰু জোঁৱাইক সুৰয কুমাৰ ৷ ইফালে, গীতা কুমাৰী, পিন্টু মাঁঝি, ৰাছো দেৱীৰ লগতে গুৰুতৰভাৱে আহত আন তিনিজন লোকক মগধ চিকিৎসা মহাবিদ্যালয়ত সম্প্ৰতি চিকিৎসাধীন হৈ আছে ৷ ক্ষুব্ধ প্ৰতিবাদী ৰাইজক নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক:No Smoking Day 2023: ধূমপান কেৱল আপোনাৰ বাবেই আপোনাৰ পৰিয়ালৰ বাবেও মাতিব পাৰে বিপদ