আগৰতলা,২০ জানুৱাৰী :ত্ৰিপুৰাত নিষিদ্ধ গাঞ্জাৰ অবৈধ সৰবৰাহ অব্যাহত আছে । তাৰ মাজতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গাঞ্জা সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযানো অব্যাহত ৰাখিছে আৰক্ষীয়ে । তেনে এক অভিযানৰ মাজতে খোৱাই জিলাৰ তেলিয়ামুৰা মহকুমাত জব্দ প্ৰায় ৩০ লাখ টকাৰ নিষিদ্ধ গাঞ্জা (Cannabis seized in Tripura)।
তেলিয়ামুৰা মহকুমাৰ অন্তৰ্গত মুংগিয়াকামিত আৰক্ষীয়ে অভিযান চলাই দুজন লোককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । বুধবাৰে পুৱা ৭ মান বজাত মুংগিয়াকামি আৰক্ষী থানাৰ অন্তৰ্গত ৩৯ মাইল অঞ্চলত চলিছিল আৰক্ষীৰ এই অভিযান । মুংগিয়াকামি আৰক্ষী থানাৰ এছ আই ৰঞ্জিত দাস আৰু ডিএছপি প্ৰসেনজিৎ ৰয়ৰ লগতে আন আৰক্ষীৰ জোৱানসকলে ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাইছিল । তালাচীৰ মাজতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীৰ দলটোৱে UP-67-AT-5814 নম্বৰৰ ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ।