নিউজ ডেস্ক, ২৯ নৱেম্বৰ :তেলেংগানা বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ মঙলবাৰে অন্ত পৰে । আনহাতে, ৩০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণৰ বাবে নিৰ্বাচন আয়োগে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে । নিৰ্বাচনত যাতে ৰাজনৈতিক দলবোৰে কাকো প্ৰলোভিত কৰিব নোৱাৰে তাৰ বাবে ৰাজ্যৰ সকলো ঠাইতে তালাচীচকী স্থাপন কৰা হৈছে । ইয়াৰ মাজতে চোৰাংকৈ সৰবৰাহ কৰা নগদ ধন, সুৰা, গহনা আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হৈছে । এইবাৰৰ নিৰ্বাচনত ৮০ ঊৰ্ধ্বৰ জ্যেষ্ঠ নাগৰিকসকলক আবেদন কৰিলে ঘৰতে ভোট দিবলৈ অনুমতি দিয়া হৈছে । ৰাজ্যখনত নিৰ্বাচন আয়োজনৰ বাবে সম্ভাৱ্য ব্যয় হৈছে ১৫০ কোটি টকা ।
তেলেংগানা বিধানসভা নিৰ্বাচন সম্পৰ্কীয় কিছু তথ্য :
* ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে 3,26,02,799
* 1,62,98,418 গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰ 1,63,01,705 গৰাকী
* তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা হৈছে 2,676 গৰাকী, ৰাজ্যখনত চাকৰিয়াল ভোটাৰৰ সংখ্যা হৈছে 15,406 । আনহাতে, অনাবাসী ভোটাৰৰ সংখ্যা হৈছে 2,944 গৰাকী
* 18-19 বছৰ বয়সৰ ভোটাৰৰ সংখ্যা হৈছে 9,99,667
* ৰাজ্যজুৰি ১১৯ খন বিধানসভা আসনৰ বাবে ২,২৯০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে । তেওঁলোকৰ ভিতৰত 221 গৰাকী মহিলা, 2,068 গৰাকী পুৰুষ আৰু এগৰাকী তৃতীয় লিংগৰ
* নৱেম্বৰৰ 30 তাৰিখে সন্ধিয়া 5 বজালৈকে সুৰা বিপণী বন্ধ থাকিব
* ৩.২৬ কোটিতকৈও অধিক ভোটাৰে প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব
* ভোটদানৰ বাবে ৰাজ্যজুৰি 35,655 টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে
* প্ৰতিবন্ধীসকলৰ বাবে ভোটকেন্দ্ৰত বিশেষ ব্যৱস্থা । বিষয়াসকলৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে 21,686 খন হুইলচেয়াৰ